কোকৰাঝাৰত হিতাধিকাৰীৰ চেক বিতৰণৰ অনুষ্ঠান অনুষ্ঠিত

অসম চৰকাৰৰ উদ্যোগ, বিত্ত , সাহাৰ্য আৰু পুণৰসংস্থাপন বিভাগৰ দ্বাৰা ৰূপায়িত হোৱা বিভিন্ন আঁচনিৰ অধীনত আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত “বিকাশৰ ১২ দিনৰ” উদ্যোগৰ অংশ হিচাপে কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পত আজি আয়োজিত হোৱা হিতাধিকাৰীৰ চেক বিতৰণি অনুষ্ঠানত বিধায়ক লৰেন্স ইছলাৰীয়ে চেক বিতৰণ কৰে।

বিধায়ক গৰাকীয়ে কোকৰাঝাৰ জিলাৰ ৩৩১ জন হিতাধিকাৰীক প্রধানমন্ত্রী ক্ষুদ্র খাদ্য সংসাধন উদ্যোগৰ আনুষ্ঠানিকীকৰণ (পি এম্ এফ এম্ ই চিড্ কেপিটেল) আঁচনিৰ অধীনত চেক প্ৰদান কৰে। লগতে ১১৯ জন ঋণীক অসম মাইক্র’ ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১ৰ অধীনত তৃতীয় বৰ্গৰ ঋণীলৈ দ্বিতীয় পর্যায়ত ‘ন’ ডিউজ চার্টিফিকেট’ বিতৰণ কৰা হয়।
ইয়াৰ উপৰিও বিভিন্ন দুর্যোগত ক্ষতিগ্রস্ত ৪,৫৮৬ জনক পোনপটীয়াকৈ আর্থিক সাহায্য প্রদান কৰা হয়।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ প্ৰদান কৰা বক্তব্যত বিধায়ক ইছলাৰীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বক প্ৰশংসা কৰি কয় যে উন্নয়নৰ দিশত এইয়া এক শক্তিশালী পদক্ষেপ। তেওঁ আশা প্ৰকাশ কৰে যে ই হিতাধিকাৰীসকলক সহায় কৰা লগতে পৰিয়ালবোৰক শক্তিশালী কৰি জিলাখনত অৰ্থনৈতিক বিকাশৰ পথ প্ৰশস্ত কৰিব।

অনুষ্ঠানটোত এডিচি কবিতা ডেকা, নিত্য বিনোদ ৱাৰী, জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত আছিল।

Comments (0)
Add Comment