গুৱাহাটী মহানগৰীৰ ভিতৰত সৰ্বাধিক প্ৰায় ৮৫ খন সৰু – বৰ ৰাজহুৱা তথা সাৰ্বজনীন দুৰ্গা পূজা অনুষ্ঠিত হৈ অহা জালুকবাৰী আৰক্ষী থানা এলেকাত এইবেলিও যাতে আৰক্ষী – প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া নীতি নিয়ম অনুসৰি আগন্তুক শাৰদীয় দুৰ্গা পূজা সুকলমে উদযাপন কৰা হয় তাৰ বাবে পূজা উদযাপন সমিতি সমুহে তৎপৰতা আৰম্ভ কৰিছে। সমান্তৰালভাবে গুৱাহাটীৰ অন্যতম বিসৰ্জনথলী হিচাপে পৰিগণিত হোৱা পাণ্ডুঘাটত ব্ৰহ্মপুত্ৰত যাতে বিজয়া দশমী আৰু তাৰ পাছদিনা দুৰ্গা পূজাৰ প্ৰতিমা শৃংখলাবদ্ধভাৱে বিসৰ্জন দিব পাৰি তাৰ বাবে পাণ্ডুঘাট বিসৰ্জন সমিতি আৰু জালুকবাৰী আৰক্ষী থানাৰ যৌথ উদ্যোগত আজি মালিগাওঁ বৰিপাৰাস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত এখন সাধাৰণ সভা অনুষ্ঠিত হয় । পাণ্ডুঘাট বিসৰ্জন সমিতিৰ সভাপতি নিমাই চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক দ্বিজেন লহকৰে । সভাত জালুকবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অমৃত সিঙে ভাগ লৈ আগন্তুক শাৰদীয় দুৰ্গা পূজাৰ লগতে ব্ৰহ্মপুত্ৰৰ দেৱী প্ৰতিমা বিসৰ্জন , পূজাৰ কেইদিনত উদযাপন সমিতি সমূহে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা আদিৰ ওপৰত বিশদ বাখ্যা দাঙি ধৰে আৰু পূজা সুকলমে সম্পন্ন কৰাৰ ক্ষেত্ৰত মহানগৰ আৰক্ষী প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া নীতি নিয়ম সমূহ মানি চলিবলৈ সকলোকে আহ্বান জনায় । সভাত জালুকবাৰী থানাৰ অন্তৰ্গত দুৰ্গা পূজা উদযাপন সমিতিৰ সভাপতি তথা সম্পাদক প্ৰমুখ্যে শতাধিক প্ৰতিনিধি , পাণ্ডুঘাট বিসর্জন সমিতিৰ কাৰ্যকৰী সভাপতি শ্যামল ভট্টাচাৰ্যকে ধৰি কেবাজনো বিষয় ববীয়া আৰু সদস্য, পৌৰ নিগমৰ কেবাজনো পাৰিষদ , পিয়াল শংকৰ দে, আশীষ চৰকাৰ, সুদেশ কুমাৰ জৈন ( মুন্না ) , নিৰোদ ৰায়, অচ্যুত ৰাজবংশী, পৰেশ ঠাকুৰীয়া , শিখা দে, প্ৰতিমা দে, ইতিমা আহমেদকে ধৰি নাগৰিক সমিতি, গাঁওৰক্ষী বাহিনীৰ কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকে। আনহাতে সভাত সৰ্বসন্মতিক্ৰমে আগন্তক কাৰ্যকালৰ বাবে পুনৰ নিমাই চন্দ্ৰ দাসক সভাপতি , শ্যামল ভট্টাচাৰ্যক কাৰ্যকৰী সভাপতি , দ্বিজেন লহকৰক সাধাৰণ সম্পাদক হিচাপে লৈ পাণ্ডুঘাট বিসৰ্জন সমিতিখন গঠন কৰা হৈছে। উল্লেখ্য যে এইবেলি জিলা আৰু আৰক্ষী প্ৰশাসনে দিয়া নিৰ্দেশনা অনুসৰি পথ বন্ধ কৰি পেণ্ডেল নিৰ্মাণ কৰা আৰু নিশা ১০ বজাৰ পাছত ডি জে বজোৱা কাৰ্য বন্ধ ৰখা হব। সেই সময়ত কেৱল ভক্তিমূলক সংগীত হে পূজা উদযাপন সমিতিসমূহে বজাব পাৰিব।