গহপুৰৰ লোহিতমুখত ব্ৰহ্মপুত্ৰৰ খহনীয়া অধ্যুষিত অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

অসম চৰকাৰৰ জলসম্পদ,তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি গহপুৰৰ লোহিতমুখ অঞ্চলৰ কৰৈআতি ভ্ৰমণ কৰি ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ বুজ লোৱাৰ লগতে খহনীয়াত আক্ৰান্ত অঞ্চলবাসীৰ সৈতে মত বিনিময় কৰে।

লোহিতমুখৰ কৰৈআটিত ব্ৰহ্মপুত্র নদীৰ বাঢ়ি অহা এটা সুঁতিয়ে খহনীয়াৰ সৃষ্টি কৰি বৃহত্তৰ অঞ্চলটোৰ ব্যাপক ক্ষতি কৰিছে । খহনীয়াৰ ফলত বহু ৰাইজৰ যথেষ্ট খেতি মাটিও নৈৰ বুকুত জাহ গৈছে। মন্ত্ৰী পীযুষ হাজৰীকাই এই কথা জানিব পাৰি সাংসদ ৰঞ্জিত দত্ত আৰু বিধায়ক উৎপল বৰাৰ সৈতে এই স্থানত আজি উপস্থিত হয় আৰু স্থানীয় ৰাইজৰ সৈতে এই বিষয়ে মত বিনিময় কৰে।মন্ত্ৰীগৰাকীৰ নিৰ্দেশ অনুসৰি বিভাগীয় অভিযন্তাই ইতিমধ্যেই খহনীয়া সমস্যা সমাধানৰ বাবে অধ্যয়ন কৰিছে আৰু মন্ত্ৰীগৰাকীক এই বিষয়ে আজি অৱগত কৰে । আজি এই স্থান পৰিদৰ্শন কৰি বিভাগে খহনীয়া ৰোধৰ বাবে ল’ব পৰা প্ৰয়োজনীয় পদক্ষেপসমূহ বিশ্লেষণ কৰি মন্ত্ৰী হাজৰীকাই স্থানীয় ৰাইজক কয় যে ব্ৰহ্মপুত্ৰৰ এই সুঁতিটো ৭টা পইণ্টত পৰ্যায়ক্ৰমে বন্ধ কৰি দিলে এলেকাটোত খহনীয়া বন্ধ হোৱাৰ লগতে খেতি-মাটিও উদ্ধাৰ হ’ব । ইয়াৰ বাবে পার্কুপাইনৰ সহায়ত শক্তিশালী কাম আৰম্ভ কৰা হ’ব বুলি বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে তেওঁলোকক আশ্বাস প্ৰদান কৰে । মন্ত্ৰীগৰাকীয়ে উপস্থিত সাংবাদিকৰ সৈতে হোৱা সাক্ষাতত কয় যে ইতিমধ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্য চৰকাৰে গহপুৰ সমষ্টিৰ বান-খহনীয়া ৰোধৰ বাবে বিগত তিনিটা বছৰত প্ৰায় ২৫০ কোটিৰো অধিক পুঁজি প্ৰদান কৰিছে । গহপুৰৰ বান বহুখিনি নিয়ন্ত্ৰণ কৰিব পৰা হৈছে বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই কয় যে লোহিতমুখৰ খহনীয়াৰোধৰ কাম আগন্তুক সময়ত সমাপ্ত কৰিলে গহপুৰৰ প্ৰায় সকলো বান-খহনীয়া সমস্যাৰ সমাধান হ’ব বুলি আশা কৰিব পাৰি।

আনহাতে আজি পুৱাৰ ভাগত তেজপুৰৰ পৰা গহপুৰলৈ যাত্ৰা কৰাৰ পথত মন্ত্ৰীগৰাকীয়ে বালিপাৰাৰ জৰাশৰ নৈত চলি থকা খননকাৰ্য পৰিদৰ্শন কৰে । ৭.৫ কিল’মিটাৰ দৈৰ্ঘ্যৰ অংশ খনন কৰাৰ ফলত জৰাশৰ নৈখনে এতিয়া প্ৰায় স্বাভাৱিক অৱস্থাৰে ববলৈ আৰম্ভ কৰিছে।

Comments (0)
Add Comment