অসম বিধানসভাৰ আগন্তুক সাধাৰণ নিৰ্বাচনলৈ মাজতে মাত্ৰ চাৰিটা দিন বাকী থকা অৱস্থাত নিৰ্বাচন সুচাৰুভাবে সম্পন্ন কৰাৰ বাবে আৰক্ষী আৰু জিলা প্ৰশাসনৰ ফালৰ পৰা ব্যাপক সতৰ্কতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ ৰাজ্যৰ আন জিলাৰ লগতে কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ সৈতে থকা মেঘালয় সীমান্তবৰ্তী অঞ্চলসমূহত অতিৰিক্ত নিৰাপত্তা ব্যৱস্থাৰ লগতে অসম অভিমুখী পথত চি চি টি ভি স্থাপন কৰা হৈছে। জানিব পৰা মতে গুৱাহাটীৰ পৰা কিছু নিলগত অৱস্থিত তথা পূব কামৰূপ বন সংমণ্ডলৰ অধীনৰ ৰাণী আৰু দক্ষিণ গুৱাহাটী বনাঞ্চলৰ মাজেৰে গুৱাহাটী সংযোগী লখৰা – গড়ভঙা পথ, ৰাণী – শুকুৰবৰীয়া সংযোগী এন ই চি পথ, পিলিংকাটা – বশিষ্ঠ সংযোগী পথ, ৰাণীৰ পৰা কিছু নিলগৰ মেঘালয় সীমান্তবৰ্তী উমচুৰ, জিমিৰগাওঁ সংযোগী পথত চি চি টি ভি স্থাপন কৰা হৈছে । দুয়োখন জিলাত স্বচ্ছ, নিকা আৰু শান্তিপূৰ্ণভাবে নিৰ্বাচনী প্ৰক্ৰিয়া সম্পন্ন কৰাৰ লক্ষ্যৰে নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি নিৰ্বাচনী আচৰণ বিধি কাৰ্যকৰী হোৱাকৈ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা পৰিলক্ষিত হৈছে। আনকি উপ আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াৰ নেতৃত্বত অসম মেঘালয় সীমান্তৱৰ্তী পথকে ধৰি অন্যান্য সংবেদনশীল অঞ্চলসমূহত নিয়মীয়া তহল , পথ সঞ্চালন আৰু এৰিয়া দমিনেশ্যন কৰি থকা পৰিলক্ষিত হৈছে। জানিব পৰা মতে অসমত প্ৰৱেশ কৰা পথত চি চি টিভি কেমেৰা স্থাপন কৰাৰ লগতে অৰ্ধসামৰিক বাহিনী আৰু অসম আৰক্ষীৰ এটা বৃহৎ দলে ২৪ ঘণ্টাই দ্বায়িত্বত থাকি নিশ্চিদ্ৰ তালাচী অভিযান চলোৱা পৰিলক্ষিত হৈছে। আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে ইতিমধ্যে নিৰ্বাচনী আচৰণ বিধি বলৱৎ কৰাৰ সহায়ক হোৱাকৈ মেঘালয় আৰক্ষীৰ আৰু অসম আৰক্ষীৰ মাজত এটা বৰ্ডাৰ কোঁ-অৰ্দিনেচন সমিতি গঠন কৰা হৈছে। তদুপৰি এছ এছ টি আৰু ফ্লাইং স্কোৱাড টীম গঠন কৰি সীমান্তৱৰ্তী উপ-পথ সমূহতো নাকা তালাচী কৰি নগদ ধন, আগ্নেয়াস্ত্ৰ, বিস্ফোৰক সামগ্ৰী, মাদক দ্ৰৱ্য আদি সৰবৰাহ প্ৰতিৰোধৰ বাবে সৰু বৰ যান-বাহন বোৰত তালাচী অভিযান অব্যাহত ৰাখিছে। ইপিনে দুয়োখন জিলাৰ আৰক্ষী সুত্ৰই সদৰি কৰা অনুসৰি অপৰাধী আৰু সন্দেহজনক লোকৰ ওপৰত বিশেষভাবে চকু ৰখা হৈছে।ভোট গ্ৰহণ কেন্দ্ৰ আৰু তাৰ আশে পাশে যাতে কোনো ধৰণৰ মাদক দ্ৰব্যৰ প্ৰচলন ঘটিব নোৱাৰে তাৰ প্ৰতিও চকু ৰাখিছে আৰক্ষীযে। সমাজত যাতে কোনো ধৰনৰ অপপ্ৰচাৰ চলিব নোৱাৰে তাৰ প্ৰতিও কঠোৰ দৃষ্টি ৰাখিছে আৰক্ষীয়ে। কোনো লোকে আইন উলংঘা কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীৰ তৰফৰ পৰা সকীয়াই দিয়া হৈছে।