গুৱাহাটীৰ পিজ্জা ৰেষ্টুৰেণ্টলৈ ৰাষ্ট্ৰীয় সন্মান

গুৱাহাটীৰ পিজ্জা ৰেষ্টুৰেণ্টলৈ ৰাষ্ট্ৰীয় সন্মান

গ্ৰাহকক গুণগত মানদণ্ডৰ খাদ্য যোগানৰ ক্ষেত্রত আগবঢ়োৱা সেৱাৰ বাবে গুৱাহাটীৰ পিজ্জা ৰেষ্টুৰেণ্টলৈ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ “EAST at the Indian Restaurant Award 2021 ” শীর্ষক বঁটা । নতুন দিল্লীৰ পুলমান এৰোচিটিত ১৭ ডিচেম্বৰত আয়োজিত দশম বাৰ্ষিক ইণ্ডিয়ান ৰেষ্টুৰেণ্ট কংগ্ৰেছৰ সভাত এই বঁটা প্ৰদান কৰা হয় । বঁটা গ্ৰহণ কৰে পিজ্জা ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী বিনয় চামাৰীয়াই । আনহাতে বঁটা প্ৰদান অনুষ্ঠানত বাৰ্গাৰ কিঙৰ মুখ্য কাৰ্যবাহী বিষয়া ৰাজীৱ বৰ্মন , ফ্ৰেঞ্চাইছি ইণ্ডিয়াৰ সম্পাদক ৰীতু মাৰীয়াকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে । বঁটা গ্ৰহণ কৰি বিনয় চামাৰীয়াই কয় এই সন্মানৰ বাবে আমাৰ গ্ৰাহক , কৰ্মচাৰী সকলোৰে সততা , নিষ্ঠা আদিৰ সমূহীয়া প্ৰচেষ্টাৰ ফল । উল্লেখযোগ্য যে ২০২০ বর্ষত পিজ্জা ৰেষ্টুৰেণ্টলৈ গুৱাহাটী ফুড এৱাৰ্ড আৰু ২০১৯ বর্ষত ইটালিয়ান ৰেষ্টুৰেণ্ট এৱাৰ্ড লাভ কৰিছিল । কিছুদিন পূৰ্বে তেওঁলোকে ডাৰ্ক কিটছেন মুকলি কৰিছে । যত পৰম্পৰাগত ভাৰতীয় খাদ্য সম্ভাৰৰ উপৰিও ৰাজস্থানী খাদ্যয়ো উপলব্ধ হৈছে ।

Comments (0)
Add Comment