আজি সম্ভ্ৰান্ত প্ৰকাশন অনুষ্ঠান পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত বিশিষ্ট কবি, সাহিত্যিক অসম সাহিত্য সভাৰ প্ৰাক্তন কোষাধ্যক্ষ কিশোৰ কুমাৰ জৈনৰ দুখনকৈ কাব্যগ্ৰন্থ “ৰ’দে পোৰা শইচৰ ছাই” আৰু “ভালপোৱাৰ শব্দ বিচাৰি” শুভ উন্মোচন কৰা হয়। জনপ্ৰিয় কন্ঠশিল্পী ডিজেন কাকতিয়ে ড০ ভূপেন হাজৰিকাৰ গীত পৰিৱেশনৰে আৰম্ভণি কৰা সভাখনি উদ্ধোধন কৰি আকাশবাণী আৰু দূৰদৰ্শনৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক প্ৰধান দেৱেন্দ্ৰ নাথ বসুমতাৰীয়ে কয়- বৰ্তমান সময়ত সৰ্বদিশতে এক অস্থিৰ বাতাবৰণে অসম তথা ভাৰতৰ চৌপাশ আৱৰি ধৰিছে। সাহিত্য - সাংস্কৃতিক দিশতো যথেষ্ট পৰিমাণে অসূয়া- অপশক্তিয়ে গ্ৰাস কৰি আহিছে।আজিৰ সময়ত অসমত শান্তি হ্ৰাস পাইছে। সাতামপুৰুষীয়া ঐক্যতাৰ এনিজৰি ডাল চিগু-চিগু হৈছে। ৰজাঘৰীয়া বা প্ৰজাঘৰীয়া সকলোৱে একত্ৰিত হৈ অপশক্তি নাশ কৰিবৰ বাবে তাৎক্ষণিক ভাৱে ব্যৱস্থা কৰিব লাগে। এই ক্ষেত্ৰত কবি-সাহিত্যিক, শিল্পীসকলে তেওঁলোকৰ সৃষ্টিৰে, শব্দৰে সকলোৰে চকু মেল খোৱাই দিব লাগে। জাতি,বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে কোনোকে আঘাত নোপোৱাকৈ এই কাম কৰিব লাগে।” কবি কিশোৰ কুমাৰ জৈনৰ প্ৰথমখন কাব্যগ্ৰন্থ উন্মোচন কৰি “আমাৰ অসম”ৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মাই কয়- কবিতা আৰু গীতৰ মাজত খুউব বেছি পাৰ্থক্য নাই। কেঁচুৱাৰ কান্দোন কিম্বা মৰিশালীৰ মাজতো কবিয়ে অনুপম কবিতা সৃষ্টি কৰিব পাৰে। সৌ তাহানিৰ পৰা বৰ্তমানলৈও কবিতাৰ যথেষ্ট প্ৰাসংগিকতা আছে। কবিতাৰ অন্যন্য সমাদৰ আছে। কবিতাৰে জগত জিনিব পাৰি। কবিতাৰ জৰিয়তে যুদ্ধ ক্ষেত্ৰৰ আশু সমাধান কৰিব পাৰি। অসমীয়া ডেকা শক্তিক জাগ্ৰত কৰিছিল অম্বিকাগিৰী ৰায়চৌধুৰী,বিষ্ণু প্ৰসাদ ৰাভা, জ্যোতি প্ৰসাদ আগৰৱালা আদিয়ে।কবিতাই সমাজ নিৰ্মাণত নিৰ্ণায়ক ভূমিকা ল’ব পাৰে। কিশোৰ কুমাৰ জৈনৰ কবিতাই সমাজ নিৰ্মাণত ভূমিকা গ্ৰহণ কৰিব পাৰিব।”
কবি জৈনৰ দ্বিতীয়খন কাব্যগ্ৰন্থ উন্মোচন কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি তথা অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া কনক চন্দ্ৰ শৰ্মাই কয়-কবি -শিল্পীয়ে সমাজ সংস্কাৰ কৰিব পাৰে। কবিয়ে কবিতাৰে মানুহৰ অন্তৰ জিনিবৰ বাবে শব্দ প্ৰয়োগ সাবধানে কৰিব পাৰিব লাগিব।বিধ্বস্ত সমাজ এখন থন ধৰাই পোন কৰিব পাৰে কবিয়ে। জনতাৰ বাবে লিখা কবিসকলে সমাজৰ অস্থিৰতা দূৰ কৰিব পাৰে। কবিসকল সমাজৰ দায়বদ্ধশীল ব্যক্তি।
পৰাগজ্যোতি প্ৰকাশনৰ সচিব, কবি, সাংবাদিক দীপক শৰ্মাই আত ধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ “দৈনন্দিন বাৰ্তা”ৰ মুখ্য সম্পাদক ড০ নৰেন হাজৰিকাই কয়- আমাৰ সমাজত বাস কৰা প্ৰতিজন লোকে কম-বেছি পৰিমাণে সাহিত্য -সংস্কৃতিক ভাল পায়। অতিজৰে পৰা আজিলৈ সাহিত্যৰ ক্ষেত্ৰখনত কোনোদিনে লেৰেলা অৱস্থা পোৱা নাই। নতুনকৈ কবিতা, সাহিত্য চৰ্চা কৰা সকলক জ্যেষ্ঠজনে নাৰ্ভাচ কৰি দিব নালাগে। সমাজমুখী ভাবধাৰাৰে কবিতা, গল্প, উপন্যাস লিখাবোৰ দীৰ্ঘ ম্যাদী। কিশোৰ কুমাৰ জৈনৰ কবিতাই সমাজ নিৰ্মাণত ভূমিকা ল’ব পাৰে। সভাত বিশিষ্ট অতিথি হিচাপে অংশ লৈ দৈনিক গণ অধিকাৰৰ পৰিচালন সম্পাদক ছাহজাহান তালুকদাৰে কয়- “জীৱনৰ বাবে নিৰ্মাণ হয় কবিতা। ভাষাপ্ৰেম, জাতিপ্ৰেমেও কবিতা সৃষ্টিত অৰিহণা যোগায়। সমাজখন সু-সংগঠিত কৰাত কবিতাই এক ভাবিব নোৱৰা ভূমিকা পালন কৰে। অধ্যয়ন, অনুশীলনে এজন ভাল কবিৰ সৃষ্টি কৰিব পাৰে।” সভাত বিশিষ্ট লেখক, চিন্তাবিদ দেবব্ৰত দাসে অতিথিৰ ভাষণত কিশোৰ কুমাৰ জৈনৰ সৃষ্টি ৰাজি আৰু অসমীয়া সমাজৰ প্ৰতি তেওঁৰ দায়বদ্ধতাৰ ওপৰত আলোকপাত কৰে। সভাত অৰুণাচল প্ৰদেশৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ডিন ড০ অৰূপ কুমাৰ দাস, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, নাথ সাহিত্য পৰিষদ, অসমৰ সভাপতি ড০ হৰ কুমাৰ নাথ, “পদ্মশ্ৰী” প্ৰাপক সাহিত্যিক ড০ ৰোমান শৰ্মাই সন্মানীয় অতিথি হিচাপে অংশ গ্ৰহণ কৰে।