গুৱাহাটী পৌৰ নিগমৰ সাধাৰণ বৈঠকত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি গুৱাহাটী পৌৰ নিগমৰ সাধাৰণ বৈঠকত অংশগ্ৰহণ কৰি নিগমৰ বিভিন্ন কাম-কামৰ বিশদ পৰ্যালোচনা কৰে। উজান বজাৰস্থিত নিগমৰ কাৰ্যালয়ত অনুষ্ঠিত এই আজিৰ এই সুদীৰ্ঘ বৈঠকত গুৱাহাটী মহানগৰৰ বিভিন্ন সমস্যাৰ বহনক্ষম আৰু স্থায়ী সমাধানৰ পথ অন্বেষণৰ বিষয়ে আলোচনা কৰা হয়। মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা, আৱৰ্জনা নিষ্কাষণ ব্যৱস্থা, সম্পত্তি কৰ সংগ্ৰহ আদি বিষয়ৰ ওপৰত আলোকপাত কৰা হয়। এখন স্বচ্ছ, নিকা আৰু স্মাৰ্ট মহানগৰী গঢ়ি তোলাৰ দিশত অনাগত দিনসমূহত গুৱাহাটী পৌৰনিগমৰ ভূমিকাৰ বিষয়ে পৰ্যালোচনা কৰাৰ লগতে চহৰখনৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত নিগমৰ ভৱিষ্যতৰ কাৰ্যপন্থা তৈয়াৰৰ বিষয়েও বৈঠকত খৰচি মাৰি আলোচনা কৰা হয়।

আজিৰ এই সাধাৰণ বৈঠকত গুৱাহাটী পৌৰ নিগমৰ পাৰিষদসকলৰ লগতে পৌৰ নিগমৰ বিষয়া-কৰ্মচাৰীসকলো উপস্থিত থাকে।

Comments (0)
Add Comment