৬৪খন দেশত একক বাইক ৰাইড সম্পূৰ্ণ কৰি ইতিহাস ৰচনা কৰা মীনাক্ষী দাসৰ ব্যতিক্ৰমী কৃতিত্বৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে ৰঙালীৰ সৌজন্যত তেওঁক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰে। অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্ত ,পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা,বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ সচিব হেমন্ত কুমাৰ নাথ, ছাত্ৰকল্যাণ সঞ্চালক ড° ৰঞ্জন কুমাৰ কাকতি উপস্থিত থাকে ।গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফালৰ শৰাই,চেলেং,গামোচাৰে তথা ৫০,০০০ টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়ায়।লগতে ৰাঙলীৰ হৈ শ্যাম কানু মহন্তই বিপুল সম্বৰ্ধনা জনায়।উপাচাৰ্য অধ্যাপক মহন্তই মীনাক্ষীক সাহস আৰু উচ্চাকাংক্ষাৰ প্ৰতীক হিচাপে প্ৰশংসা কৰি যুৱক-যুৱতীসকলৰ বাবে আদৰ্শ হিচাপে লবলৈ আহ্বান জনায়।
ভাষণত মীনাক্ষী দাসে যাত্ৰাকালত অসংখ্য প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা আৰু অতিক্ৰম কৰাৰ অভিজ্ঞতাসমূহ জনাই অসাধাৰণ লক্ষ্যত উপনীত হোৱাত অধ্যৱসায় আৰু দৃঢ়তাৰ ভূমিকাক গুৰুত্ব আৰোপ কৰে।