গুৱাহাটী মহানগৰীত কৰ্মৰত সাংবাদিক-সংবাদকৰ্মীসকলৰ একত্ৰিত অনুষ্ঠান গুৱাহাটী প্ৰেছ ক্লাবৰ কেইবাটাও দীৰ্ঘদিনীয়া সমস্যা সংক্ৰান্তত সোমবাৰে দিছপুৰৰ লোকসেৱা ভৱনত অসম চৰকাৰৰ মুখ্য সচিব ড° ৰবি কোটাক সাক্ষাৎ কৰে গুৱাহাটী প্ৰেছ ক্লাবৰ কাৰ্যনিৰ্বাহক সমিতিৰ এটা সজাতি দলে। মূলত: ৫টা দশক অতিক্রম কৰা এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটোৰ আজিকোপতি এটা স্থায়ী ঠিকনা গুৱাহাটী মহানগৰীত নথকা বিষয়টো মুখ্য সচিবজনৰ দৃষ্টিগোচৰ কৰে প্ৰতিনিধি দলটোৱে। এক স্মাৰক পত্ৰযোগে গুৱাহাটী প্ৰেছ ক্লাবৰ এটা স্থায়ী ভৱন নিৰ্মাণ কৰি সাংবাদিক-সংবাদকর্মী সকলৰ সুবিধাৰ্থে পর্যাপ্ত কাৰিকৰী আৰু প্রযুক্তিগত সুবিধা, প্রশিক্ষণৰ ব্যৱস্থা, স্বাস্থ্য পৰীক্ষা, জিৰণি বা অৱসৰ বিনোদন আদি ব্যৱস্থা উপলব্ধ কৰিবলৈ চৰকাৰৰ সহযোগিতা বিচাৰে প্ৰেছ ক্লাবে। গুৱাহাটী প্ৰেছ ক্লাবৰ স্থায়ী ঠিকনাৰ বাবে মহানগৰীৰ এক উপযুক্ত স্থানত কমেও ১ বিঘা ৫ লেচা ভূমি আৱণ্টন কৰিবলৈ দাবী জনাই প্ৰেছ ক্লাবে। আনহাতে গুৱাহাটীত কর্মৰত সাংবাদিক-সংবাদকৰ্মীসকলৰ অধিকাংশৰেই ভৱিষ্যত জীৱনৰ নিৰাপত্তা নথকাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী প্ৰেছ ক্লাবৰ উপযুক্ত সদস্যসকলৰ বাবে এক স্বাস্থ্য বীমা ব্যৱস্থা প্রৱর্তনৰ চিন্তা-চর্চাৰ কথা প্ৰেছ ক্লাবে কৰা বুলি উল্লেখ কৰি এই ক্ষেত্ৰত ৰাজহুৱা খণ্ডৰ কোনো এক প্রতিষ্ঠানৰ সহায়ত আঁচনি ৰূপায়নৰ পৰিকল্পনা হাতত লোৱাৰ কথা মুখ্য সচিবজনক অৱগত কৰে প্ৰতিনিধি দলটোৱে। সাংবাদিকসকলৰ এই দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰাৰ ক্ষেত্রত চৰকাৰৰ পৰা সহযোগিতা বিচাৰে গুৱাহাটী প্ৰেছ ক্লাবে। এইসমূহ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰিও অসমৰ সংবাদ মাধ্যমৰ বিগত সময়ছোৱাত যথেষ্ট বিস্তাৰ ঘটাৰ বিপৰীতে সাংবাদিক-সংবাদকর্মীসকলৰ জীৱনৰ নিৰাপত্তা বৰ্তমানেও সুনিশ্চিত নোহোৱাত গুৱাহাটী প্ৰেছ ক্লাবে গভীৰ উদ্বেগ প্ৰকাশ কৰে। বিগত সময়চোৱাত অসমৰ সংবাদমাধ্যম আৰু সাংবাদিকৰ ওপৰত শাসক পক্ষ তথা ব্যক্তি বিশেষৰ পৰিকল্পিত আৰু অপ্রৰোচিত আক্রমণে সংবাদ ক্ষেত্ৰখনলৈ ভাবুকি নমাই আনিছে বুলি উল্লেখ কৰি এখন সুস্থ আৰু গণতান্ত্রিক দেশৰ সংবাদমাধ্যমে স্বাধীনভাৱে কাম কৰাৰ পৰিৱেশ নিশ্চিত কৰিবলৈ চৰকাৰ তথা প্রশাসনক দাবী জনাই মুখ্য সচিব ড° ৰবি কোটাক স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিনিধি দলটোৱে। প্ৰায় ৪৫ মিনিটৰ বৈঠকত মুখ্য সচিবজনে এক ইতিবাচক সঁহাৰি জনোৱাৰ সমান্তৰালকৈ গুৱাহাটী প্ৰেছ ক্লাবে উত্থাপন কৰা ওপৰোক্ত বিষয়সমূহ সমাধানৰ আশ্বাস প্ৰদান কৰে। মুখ্য সচিবৰে হোৱা এই সাক্ষাৎকালত উপস্থিত থাকে গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি খগেন কলিতা, উপ-সভাপতি প্ৰদীপ বৰ্মন, সাধাৰণ সম্পাদক অমৰেন্দ্ৰ ডেকা, সহকাৰী সাধাৰণ সম্পাদক ক্ৰমে শ্বাহ আলম, পদ্মিনী হাজৰিকা, কোষাধ্যক্ষ হীৰক জ্যোতি টাইড, সাংগঠনিক সম্পাদক দিপাংকৰ কলিতা, সাংস্কৃতিক সম্পাদক সমীৰণ বৰঠাকুৰ, ক্ৰীড়া সম্পাদক দীপাংকৰ দাস আৰু কাৰ্যনিৰ্বাহক সদস্য ক্ৰমে বিদিশা সিনহা, অনুপ বৈশ্য।