গুৱাহাটী বিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আচনি গোটৰ অম্বুবাচী মেলাত খোৱা পানী যোগান

মা কামাখ্যাৰ পবিত্ৰ ভূমিত আৰম্ভ হোৱা অম্বুবাচী মেলাত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ মানুহৰ ভিৰ দেখিবলৈ পোৱা গৈছে। আৰু তাৰ পৰিপ্ৰেক্ষিততে আজি ২৪ জুন শুক্ৰবাৰে ৰাতিপুৱা ৮ বজাৰ পৰাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আচনি চমুকৈ NSS ৰ উদ্যোগত মা কামাখ্যাৰ দৰ্শন কৰিবলৈ অহা ভক্তসকলক বিনামূলীয়াকৈ খোৱা পানী যোগান ধৰা হয়। NSS গুৱাহাটী বিশ্ববিদ্যালয় গোটৰ প্ৰগ্ৰেম অফিচাৰ ড° ঋতুপৰ্ণ বৰাৰ তত্বাৱধানত এদল NSS স্বেচ্ছাসেৱকে খোৱা পানী যোগান ধৰাৰ লগতে পৰিৱেশ পৰিস্থিতি আৰু ভক্তসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মাস্কৰ বিতৰণ কৰে।এই কাৰ্য্যত গুৱাহাটীৰ টিলিঙা স্পৰ্ট ক্লাবেও NSS স্বেচ্ছাসেৱক সকলক সহযোগিতা আগবঢ়ায়।

উল্লেখযোগ্য যে মাস্ক আৰু খোৱা পানী বিতৰণৰ পিছত স্বচ্ছতাৰ প্ৰতি লক্ষ্য ৰাখি স্বেচ্ছাসেৱক সকলে ছাফাই অভিযানৰ কাৰ্যসূচী হাতত লোৱা হৈছিল। সমাজৰ প্ৰতি এনে দায়িত্বশীল মনোভাৱ যাতে আগলৈও বৰ্তি থাকে তাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ কল্যাণ সঞ্চালক ড° ৰঞ্জন কুমাৰ কাকতিয়ে স্বেচ্ছাসেৱকসকলক শুভেচ্ছা জ্ঞাপন কৰে।

Comments (0)
Add Comment