ৰাষ্ট্ৰীয় শৈক্ষিক পৰিকল্পনা আৰু প্ৰশাসন প্ৰতিষ্ঠান, চমুকৈ নীপা (NIEPA) নতুন দিল্লীৰ দ্বাৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগত ৭ ফেব্ৰুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে গুৱাহাটী বিশ্ববিদ্যালয় আৰম্ভ হৈছে কৃত্ৰিম বুদ্ধিমত্তা (জেনেৰেটিভ এ আই) বিষয়ক এখন কৰ্মশালা । ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালাত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ১০০ জন মহাবিদ্যালয়, শিক্ষক শিক্ষা প্ৰতিষ্ঠান তথা বিশ্ববিদ্যালয়ৰ শিক্ষকৰ উপস্থিতিত আয়োজিত এই কৰ্মশালাৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য , বিশিষ্ট শিক্ষাবিদ ডঃ মৃদুল হাজৰিকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক তথা কৰ্মশালাখনৰ ন’ডেল সমন্বয়ক ডঃ যোগেন চন্দ্ৰ কলিতা, নীপা, নতুন দিল্লীৰ উপাচাৰ্য ডঃ শশীকলা ৱানজাৰি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানৰ সঞ্চালক ডঃ তুলসী বেজবৰুৱা, মূল সমল ব্যক্তি তথা নীপা, নতুন দিল্লীৰ অধ্যাপক ড° কে শ্ৰীনিবাস। অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰি অধ্যাপক ডঃ যোগেন চন্দ্ৰ কলিতাই কয় যে এই কৰ্মশালাৰ জৰিয়তে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মহাবিদ্যালয়, শিক্ষক শিক্ষা প্ৰতিষ্ঠানসমূহ তথা বিশ্ববিদ্যালয়ৰ শিক্ষকসকলৰ মাজত এ আইৰ প্ৰৱেশ্যতা বৃদ্ধি কৰি কৰ্ম পদ্ধতিৰ ক্ষেত্ৰত এক গতি আনিব পৰা যাব। লগতে প্ৰাকৃতিক বুদ্ধিমত্তাৰ স্বকীয়তা ৰক্ষা কৰি কৃত্ৰিম বুদ্ধিমত্তাৰ উচিত প্ৰয়োগৰ দক্ষতাসমূহ শিক্ষকসকলে বুজি উঠিব। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ মৃদুল হাজৰিকাই কয় যে কৃত্রিম বুদ্ধিমত্তা বা এ আই এতিয়া আমাৰ জীৱনৰ সহযোগী হ’ব পাৰে । সমানে আমাৰ প্ৰাকৃতিক বুদ্ধিমত্তা, জীৱন পৰিঘটনাক সমানে পৰিপুষ্ট কৰিবলৈয়ে আমি এ আই যুগত প্ৰৱেশ কৰিছোঁ। এইক্ষেত্ৰত দৈনন্দিন কাম কাজত মেচিন নিৰ্ভৰ সমাজত অতীজৰে পৰা কেনেকৈ এ আই ভিন্ন ৰূপত প্ৰচলন হৈ আহিছে, সেই কথা ব্যাখ্যা কৰে ডঃ তুলসী বেজবৰুৱা আৰু ডঃ শশীকলা ৱানজাৰিয়ে। অনুষ্ঠানৰ মূল সমল ব্যক্তি অধ্যাপক ডঃ কে শ্ৰীনিবাসে এইক্ষেত্ৰত শিক্ষক সমাজৰ তথা শিক্ষাসদী সমাজক সাজু কৰিবলৈ অহৰহ চেষ্টা কৰি আছে বুলি জনায়। স্মৰ্তব্য যে উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষানুষ্ঠানসমূহত নীপাৰ জৰিয়তে ভাৰত চৰকাৰে ব্যাপক ৰূপত এ আই অৰ্হতা বৃদ্ধিৰে উন্নতি সাধন কৰিবলৈ চেষ্টা কৰি আহিছে। এইক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ননীগোপাল মহন্তৰ সহযোগিতাক সকলো অতিথিয়ে শলাগ লয়। শেষত শলাগৰ শৰাই আগবঢ়াই সহযোগী সমন্বয়ক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ডঃ মানস দাসে আৰু আঁত ধাৰাৰ লগতে পৰিচালনা কৰে এম এম টি টি চিৰ সহকাৰী অধ্যাপক ড০ তবচ্চুম ৰিজভীয়ে। উল্লেখ্য যে ১১ ফেব্ৰুৱাৰীত কৰ্মশালাখনৰ সামৰণি পৰিব।