গ্ল’বেল সন্মিলনলৈ এগৰাকী অসমীয়াক আমন্ত্ৰণ

গ্ল’বেল সন্মিলনলৈ এগৰাকী অসমীয়াক আমন্ত্ৰণ

WhatsApp Image 2017-11-06 at 4.45.10 PM

গ্ল’বেল সন্মিলনলৈ আমন্ত্ৰণ লাভ কৰিছে অসমৰ কিৰণ কাকতিয়ে। অসম ৰাজ্যিক সমবায় সংঘৰ সভাপতি আৰু ৰাষ্ট্ৰীয় সংঘৰ কাৰ্যবাহী সদস্য আজাৰৰ নিবাসী কিৰণ কাকতিয়ে তেখেতৰ আমন্ত্ৰণৰ কথা nefocus.com আগত এনেদৰে জনায়… সন্মিলন খনলৈ ভাৰতৰ পৰা ৩ গৰাকীয়ে আমন্ত্ৰণ লাভ কৰিছে। ৮০ দেশৰ প্ৰতিনিধিয়ে এই সন্মিলনখনত অংশগ্ৰহণ কৰিব। অহা ১৩ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ চলিব লগা সন্মিলনখনত সমবায়ৰ কাম কাজৰ সম্পৰ্কে আলোচনা হ’ব।

WhatsApp Image 2017-11-06 at 4.47.13 PM

উল্লেখযোগ্য যে মালয়েছিয়াত অনুষ্ঠিত হ’ব লগা সন্মিলনৰ বাবে অহা ৯ তাৰিখে তেখেতে ৰাওনা হ’ব। উত্তৰ পূবৰ পৰা গ্ল’বেল সন্মিলনলৈ একমাত্ৰ কাকতিয়ে আমন্ত্ৰণ লাভ কৰিছে।

Comments (0)
Add Comment