গ্ৰাম্য প্ৰাণশক্তিৰ উদযাপনঃ আজি আন্তৰ্জাতিক গ্ৰাম্য মহিলা দিৱস

ক’ৰবাত সোণালী ধাননি পথাৰত, ক’ৰবাত চাহ বাগিচাৰ সেউজী কোলাত লক্ষ্মী, চম্পা, চামেলীৰ দৰে অজস্ৰ মহিলাৰ হাতত জীপাল হৈ উঠে গাঁওবোৰ। আৰু তেনে অযুত মহিলাৰ কৰ্মৰ স্বীকৃতি স্বৰূপেই আজি বিশ্বজুৰি উদযাপন ‘আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য মহিলা দিৱস। আজি ১৫ অক্টোবৰ। লক্ষ্মী, চম্পা অথবা চামেলীৰ দৰে কোটি কোটি মহিলাৰ অদম্য শক্তি আৰু অৱদান উদযাপন কৰাৰ দিন আজি।

উল্লেখ্য যে এই দিৱসত কৃষি উন্নয়ন, মহিলা সবলীকৰণ, গ্ৰাম্য দৰিদ্ৰতা নিৰাময়ৰ ক্ষেত্ৰত গ্ৰাম্য মহিলাসকলৰ ভূমিকা অপৰিহাৰ্য। তেওঁলোক কেৱল সংগ্ৰামী সত্বা নহয়, তেওঁলোক হৈছে পৰিয়াল আৰু সমাজৰ স্তম্ভ। শিক্ষা, স্বাস্থ্যসেৱা আৰু অৰ্থনৈতিক ব্যৱস্থাৰ সুবিধা সীমিত হোৱাৰ পিছতো তেওঁলোকৰ সংগ্ৰাম বিশ্বৰ বাবে এক প্ৰেৰণা।

লক্ষ্যণীয়ভাৱে, অসমৰ প্ৰেক্ষাপটত এই দিনটোৰ তাৎপৰ্য অপৰিসীম। অসমৰ গ্ৰাম্য মহিলাসকলে ধাননি পথাৰ, চাহ বাগিচা, হস্তশিল্প আৰু গ্ৰাম্য বজাৰত অৰ্থনীতিত উল্লেখ্যযোগ্য অৰিহণা যোগাই আহিছে। তেওঁলোকৰ পৰম্পৰাগত জ্ঞান- বয়ন শিল্পৰ পৰা আৰম্ভ কৰি খেতি পদ্ধতিলৈকে অসমীয়া সংস্কৃতিৰ বাবে এক অমূল্য সম্পদ। কিন্তু পুষ্টিহীনতা, শিক্ষাৰ অভাৱ আৰু সীমিত স্বাস্থ্যসেৱাই আজি চৰম বাধাৰ সৃষ্টি কৰিছে গ্ৰাম্য মহিলাসকলৰ বিকাশৰ বাটত। এনে পৰিপ্ৰেক্ষিতত এই দিৱসটোৱে তেওঁলোকৰ অধিকাৰ সুৰক্ষিত কৰাৰ লগতে জীৱন ধাৰণৰ মান উন্নত কৰা তথা সম সুযোগ সুনিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে।

এই দিনটো কেৱল উদযাপন নহয়, এয়া এক আহ্বান। অসমৰ গ্ৰাম্য মহিলাসকলক সবলীকৰণৰ বাবে চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানসমূহ আগবাঢ়ি অহাটো বৰ্তমান সময়ৰ আহ্বান। দক্ষতা বিকাশ, ঋণৰ সুবিধা আৰু বজাৰৰ সুযোগ যেতিয়া তেওঁলোকৰ হাতত পৰিব, তেতিয়া অসমৰ অৰ্থনীতি নতুন উচ্চতাত উপনীত হ’ব। গ্ৰাম্য মহিলাৰ শক্তিক সমগ্ৰ বিশ্বতে কৰ্মশালা আৰু সজাগতা কাৰ্যসূচীত উদযাপন কৰা হয়। আজিৰ দিনটোত অসমে তেওঁলোকৰ সপোন আৰু সংগ্ৰামৰ ওচৰত নতমস্তক হৈছে, যাতে তেওঁলোকে সমাজ গঢ়াত অগ্ৰণী ভূমিকা পালন কৰিব পাৰে।

Comments (0)
Add Comment