চতিয়াত অনুষ্ঠিত হ’ল মহিলাৰ ভাওনা

পুৰুষ নহয়, এইবাৰ মহিলাৰ দ্বাৰা চতিয়াত অনুষ্ঠিত হ’ল ভাওনা।চতিয়া আঞ্চলিক ছাত্ৰ সন্হাৰ উদ্যোগত আৰু চতিয়াবাসী ৰাইজৰ সহযোগত চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলাপথাৰত পোন প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হয় এই মহিলা ভাওনা।দেওবাৰে নিশা ‘দ্ৰোপদীৰ বস্ত হৰণ আৰু যুধিষ্ঠিৰৰ ৰাজৰ্ষী যজ্ঞ’ নামৰ নাটখনৰ ভীম,দুৰ্যোধনৰ প্ৰতিটো চৰিত্ৰতেই মহিলা সকলৰ সুন্দৰ অভিনয়ে মন্ত্ৰমুগ্ধ কৰে উপস্থিত হাজাৰ হাজাৰ ৰাইজক।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি ভাওনাৰ এখন পূৰ্ণাঙ্গ নাট মহিলাৰ দ্বাৰা অনুষ্ঠিত হোৱাটো মহিলা সমাজৰ বাবেই এক ইতিবাচক হিচাপে বিবেচিত হৈছে।উল্লেখ্য যে এই মহিলা ভাওণাখনি নিশা ৮বজাত উদ্বোধন কৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Comments (0)
Add Comment