চতিয়াত এজন পূজাৰীয়ে একক প্ৰচেষ্টাৰে গঢ়ি তুলিছে আটকধুনীয়া মন্দিৰ

চতিয়াৰ ঘিলাধাৰী দলঙৰ সমীপত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এজন পূজাৰীয়ে একক প্ৰচেষ্টাৰে সুন্দৰকৈ গঢ়ি তুলিছে এটা হনুমান মন্দিৰ।২০০২চনতে আৰম্ভ কৰা মন্দিৰ ভাগ আজি প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। ভক্তপ্ৰাণ ৰাইজৰ দান বৰঙণিৰে লাখ লাখ টকা ব্যয়ৰে কৰি নিৰ্মাণ কৰা চতিয়াৰ হনুমান মন্দিৰে আজিৰ দিনত সাৰ্বজনীন ৰূপ পাইছে।

আনহাতে এই মন্দিৰটোত আজি প্ৰথমখন বিবাহ অনুষ্ঠান অনুষ্ঠিত হৈছে।এই মন্দিৰত চৰকাৰে অতিথি গৃহ,ৰান্ধনী গৃহকে ধৰি আন্ত:গাঁথনি উন্নত কৰিলে ধৰ্মীয় পৰ্যটনৰ লগতে অঞ্চলটোৰ সাধাৰণ ৰাইজে বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ সকাহ লাভ কৰিব।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Comments (0)
Add Comment