চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই শুভাৰম্ভ কৰিলে চতিয়া ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী

চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই শুভাৰম্ভ কৰিলে চতিয়া ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী

অসম চৰকাৰৰ চৰকাৰী আচনিক সন্মান জনাই চতিয়াত কেইগৰাকীমান যুৱকৰ প্ৰচেষ্টাত গঠন হ’ল চতিয়া ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী ৷ World bank ৰ বিত্তীয় সহায়ৰে অসম চৰকাৰৰ APART ৰ সহযোগত ICCOA ৰ জৰিয়তে উন্নীত চতিয়া খণ্ডত গঠিত হয় ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী ৷ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসমৰ সংকল্পৰে APART ৰ জৰিয়তে চতিয়া ফাৰ্মাৰ প্ৰডিউচাৰ গঠন কৰি কাম আৰম্ভ কৰি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ হাতৰে কোম্পানীৰ কাৰ্যালয় শুভাৰম্ভ কৰে ৷ বিধায়কগৰাকীয়ে কোম্পানীটোৰ কাৰ্যালয় শুভাৰম্ভ কৰি আত্মবিশ্বাসৰে কৃষিকাৰ্য , মৎস্য আদিত মনোনিৱেশ কৰি আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা দিয়ে লগতে এগৰাকী চতিয়াৰ সন্তান তথা বিধায়ক হিচাপে সকলো দিশতে কোম্পানীটোক সহায় সহযোগিতা আগবঢ়াই যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ লগতে স্থানীয় ৰাইজকো সকলো দিশত কোম্পানীটোক দিহা পৰামৰ্শৰে আগবাঢ়ি যোৱাত সহায় কৰিবলৈ আহ্বান জনায় ৷
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Comments (0)
Add Comment