চাংসাৰীত নিৰ্মীয়মান অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰীয়ে

ড° হিমন্ত বিশ্ব শৰ্মাই কালি কামৰূপ জিলাৰ চাংসাৰীত নিৰ্মীয়মান অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ আন্তঃগাঁথনিকে ধৰি আনুসংগিক কাম-কাজসমূহ পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্যৰ অগ্রগতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে মূল ভৱনৰ চিকিৎসা কক্ষৰ লগতে বাট-পথৰ নিৰ্মাণকাৰ্য আৰু চৌহদৰ চাফ-চিকুনতাৰ ওপৰত চৰজমিন পৰ্যবেক্ষণ কৰে।

ইয়াৰ পাছতে এক বৈঠকত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে চিকিৎসা প্রতিষ্ঠানখনৰ অ’পি ডি, প্ৰেক্ষাগৃহ, চিকিৎসক-নাৰ্ছৰ আৱাসগৃহ, ছাত্ৰ-ছাত্ৰী নিবাস, আয়ুস, অগ্নি নিৰ্বাপক, আৱৰ্জনা নিষ্কাষণ ব্যৱস্থাপনা আৰু বিভিন্ন বিভাগৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ যিসমূহ কাম এতিয়া সম্পূৰ্ণ হোৱা নাই সেইসমূহ তৎপৰতাৰে সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। বৈঠকত অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্রতিষ্ঠান, গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক ডাঃ অশোক পুৰাণিকে প্ৰতিষ্ঠানখনৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতি, মানৱ সম্পদ,উপলব্ধ হ’বলগীয়া চিকিৎসা সেৱা ইত্যাদি বিষয়সমূহ মুখ্যমন্ত্ৰীক অৱগত কৰে।

বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অহা ১৪ এপ্ৰিলত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ‌ আহিব। বিশেষকৈ সৰুসজাইত যি ঐতিহাসিক বিহু উৎসৱৰ আয়োজন কৰা হৈছে তাত প্রধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰিব। সমান্তৰালভাৱে সেই দিনটোতে গুৱাহাটীত অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্রতিষ্ঠানখনৰ শুভাৰম্ভ কৰিব পাৰি নেকি তাৰ বিষয়েও ৰাজ্য চৰকাৰে চিন্তা-চৰ্চা কৰি থকাৰ পৰিপ্ৰেক্ষিতত আজি এই প্ৰতিষ্ঠানখন পৰিদৰ্শন কৰা বুলি মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমক সদৰী কৰে। তেওঁ কয় যে প্রতিষ্ঠানখনে অহা কিছু দিনৰ ভিতৰত ১৫০ খন বিছনাযুক্ত আই পি ডিও আৰম্ভ কৰিব। ইতিমধ্যে নিৰ্মাণৰ ৮৪ শতাংশ কাম সম্পূৰ্ণ হৈ উঠিছে। তেওঁ কয় যে ইতিমধ্যে তিনিটা শৈক্ষিক বৰ্ষত প্রায় দুশ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে আৰু অহা এপ্ৰিল-মে’ মাহত চতুৰ্থ শৈক্ষিক বৰ্ষৰ নামভৰ্তি হ’ব।

অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানখন চিকিৎসা সেৱাৰ উদ্দেশ্যৰে মুকলি হোৱাৰ পিছত সমগ্ৰ উত্তৰ- পূৰ্বাঞ্চলৰ চিকিৎসা সেৱা খণ্ডৰ মানদণ্ডৰ আমূল পৰিৱৰ্তন সাধন হ’ব। জনসাধাৰণে এই চিকিৎসা প্রতিষ্ঠানৰ অত্যাধিক চিকিৎসা সেৱাৰ সকলো সুবিধা লাভ কৰিব। উল্লেখ্য যে অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানখন মুকলি হোৱাৰ পিছত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত চিকিৎসা সেৱা খণ্ডৰ আমূল পৰিৱৰ্তন সাধন হ’ব। জনসাধাৰণে এই চিকিৎসা প্রতিষ্ঠানখনৰ অত্যাধুনিক চিকিৎসা সেৱাৰ সকলো সুবিধা লাভ কৰিব।

মুখ্যমন্ত্ৰীয়ে চিকিৎসা প্রতিষ্ঠানখনৰ ভৱনৰ সন্মুখত এটি টাৰ্মিনেলিয়া ভাৰিগোটা গছৰ পুলি ৰোপণ কৰে। উল্লেখ্য যে দ্ৰুতগতিত বাঢ়ি অহা এই আলংকৰিক বৃক্ষজোপাই প্রতিষ্ঠানখনৰ সেউজ আৱৰণ বৃদ্ধিত সহায় কৰিব।

আজিৰ এই পৰিদৰ্শন আৰু পৰ্যালোচনা বৈঠকত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ননীগোপাল মহন্ত, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লী, অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্রতিষ্ঠান, গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক ডাঃ অশোক পুৰাণিক প্রমুখ্যে ৰাজ্য চৰকাৰ আৰু প্রতিষ্ঠানখনৰ উচ্চ পদস্থ বিষয়াবৰ্গ উপস্থিত থাকে।

Comments (0)
Add Comment