চাকৰি এৰি ব্যৱসায়েৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে প্ৰশান্তমণিয়ে

২০২০ চনৰ ক’ৰণা কাল আৰু লক ডাউনে শত সহস্ৰাধিক পৰিয়ালৰ জীৱনলৈ অমানিশাৰ অন্ধকাৰ নমাই আনে। বহু ব্যৱসায় প্ৰতিষ্ঠান বন্ধ হোৱাৰ ফলত স্বত্বাধিকাৰী সকলৰ পানীত হাঁহ নচৰা অৱস্থা হোৱাৰ উপৰি শ্ৰমিক কৰ্মচাৰী সকল কৰ্মহীন হৈ পৰে। ১৯৯৭ চনৰ পৰা দিল্লী, উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ বিভিন্ন ৰপ্তানি কোম্পানীত ডিজাইনিং,প্ৰডাক্ট ৰিচাৰ্চ,ডেভেলপমেণ্ট আৰু মাৰ্কেটিং আৰু মাৰ্চেন্তাইজি বিভাগত চাকৰি কৰি শেষত চাকৰি ত্যাগ কৰি আজাৰাৰ প্ৰশান্তমণি ভট্টাচাৰ্যই নিজাববীয়াকৈ ব্যৱসায় কৰাৰ মন মেলে।১৯১৬ চনূঅংশীদাৰীত্ব ব্যৱসায় আৰম্ভ কৰে হাৰিয়ানাৰ পানীপটত।নাম দিলে কাৰ্পেট আৰু পাইদান উৎপাদন ফেক্টৰী।পুনৰ ২০১৯ চনত অংশীদাৰীত্ব ব্যৱসায় এৰি তেওঁ এম এচ এম ই (MSME)ৰ অন্তৰ্গত “হোৱাইট লেবেল মেনুফেকচাৰাৰ (White Lebel Manufacturer) ব্যৱসায় হিচাপে কৰি পাচলৈ “বেজেত”(BEZET) আৰু মেজাংকৰী (MEJANKARI)নামৰ দুটা ব্ৰেণ্ড নিজাকৈ পঞ্জীয়ন কৰি মুকলি কৰে।লগে লগে বিভিন্ন হোম ফাৰ্ণিচিং আৰু ডেকৰ তথা ফেচন সামগ্ৰী উত্তৰ পূবৰ লগতে পশ্চিমবঙ্গ আৰু বিহাৰলৈ যোগান ধৰে। সেই সময়তে ক’ৰণা আৰু লক ডাউনে তেওঁৰ ব্যৱসায় থান বান কৰি দিয়ে।
উল্লেখযোগ্য যে ভাৰতীয় হস্ততাঁত প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ডিপ্লোমাধাৰী প্ৰশান্তমণি ভট্টাচাৰ্যই ২০১২ চনত কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ পৰা দূৰ সংযোগ শিক্ষাৰ জৰিয়তে ব্যৱসায় প্ৰশাসন ( এম বি এ )ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
ধ্যৰ্য আৰু বিফলতাৰ পৰা শিকি নিজৰ ওপৰত বিশ্বাস ৰাখি পুনৰ ২০২১ চনত গুৱাহাটীৰ আজাৰাত এটি শ্বো ৰুম তথা গুডাম খুলি ব্যৱসায় সম্প্ৰসাৰণ কৰে। ইয়াৰ লগে লগে কৃষি আৰু পশুপালনত খোজ দি গুৱাহাটীৰ সমীপত এগ্ৰোফাৰ্মৰ অংশীদাৰীত্বত যোগ দিয়ে। শেহতীয়াকৈ গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপৰ আজাৰা ৰাণী গেটত এখন ধাবা/ৰেষ্টুৰেণ্ট আৰম্ভ কৰিছে,য’ত ২৫ জন ব্যক্তিয়ে একে সময়তে বহিব পৰাৰ ব্যৱস্থা কৰা হৈছে। তেওঁৰ এই ব্যৱসায়ৰ জৰিয়তে নিজৰ পৰিয়ালৰ লগতে দহটা পৰিয়ালক সংস্থাপন দিবলৈ সক্ষম হৈছে।ক’ৰণাৰ ভয়াবহতাৰ সময়ত আৰ্থিকভাৱে যথেষ্ট ক্ষতিগ্ৰস্ত হোৱাৰ
পিচতো ভাগি নপৰা প্ৰশান্তমণিয়ে ইতিমধ্যে হাৰিয়ানাৰ পানীপট আৰু আজাৰাত ডি এচ হোম ডেকৰ নামৰ দুটা ব্যৱসায় প্ৰতিষ্ঠান,আজাৰাত হাণ্ডী হেৰিটেজ তথা গুৱাহাটীৰ সমীপত নেচনেল
এগ্ৰোফাৰ্ম নামৰ প্ৰতিষ্ঠান খুলি অসমীয়া যুৱ চামৰ বাবে আদৰ্শ হৈ পৰিছে। তেওঁৰ মতে প্ৰতিগৰাকী ব্যৱসায়ীয়ে সদায় নিজৰ কমফোৰ্ট জ’নৰ পৰা আতৰি থাকি লোকচান আৰু বিফলতাৰ বাবে সাজু থাকিব লাগে।ধৈৰ্য্য ধৰি বিফলতাৰ পৰা শিকিব লাগে আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে।প্ৰশান্তমণিৰ এনে যাত্ৰাই সফলতা লাভ কৰক।আমি জনালো অলেখ শুভকামনা।

Comments (0)
Add Comment