চামগুৰি সত্ৰ পৰিদৰ্শন কৰিলে বৈদেশিক পৰিক্ৰমা মন্ত্রীয়ে

শুকুৰবাৰে মাজুলীৰ চামগুৰি সত্ৰত উপস্থিত হয় বৈদেশিক পৰিক্ৰমা আৰু শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্রী ডঃ ৰাজ কুমাৰ ৰঞ্জন সিং।মাজুলীৰ ঐতিহাসিক মুখাশিল্পক প্ৰত্যক্ষ কৰি মন্ত্রী গৰাকী অভিভূত হৈ পৰে।উল্লেখযোগ্য যে মুখাশিল্পৰ ঐতিহ্যবহন কাৰী গৰুডৰ মুখাৰে মন্ত্রী গৰাকীক আদৰণি জনায় সত্ৰখনৰ ডেকা সত্ৰাধিকাৰ গৰাকীয়ে।

সমাগত ৰাসৰ বাবে সত্ৰখনত বিভিন্ন শিল্পীয়ে মুখা নিৰ্মাণত ব্যস্ত আছে। সত্ৰখন পৰিদৰ্শন কৰি মন্ত্রী গৰাকীয়ে এই পৰম্পৰা অক্ষুন্ন ৰাখিবলৈ শিল্পীসকলক আহ্বান জনায়। লগতে কয় যে
ঐতিহ্যৰ স্বাক্ষৰ বহনকাৰী এই পৰম্পৰাক কিদৰে শিক্ষাৰ লগত সংযোজিত কৰিব পাৰি সেই সম্পর্কে মত পোষণ কৰে।

Comments (0)
Add Comment