চাৰিদুৱাৰৰ গড়মৰাত সমূহীয়া বিবাহ সম্পন্ন

শোণিতপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৰ চাৰিদুৱাৰৰ গড়মৰা গাৱত হোমক সাক্ষী কৰি সমূহীয়া বিবাহত বহিল ১২ যোৰা দৰা কইনা । সকলোৰেই এটা সপোন থাকে যে হোমক সাক্ষী কৰি ৰাইজৰ মাজত বিবাহ সম্পন্ন কৰা কিন্তু যথা সময়ত বিভিন্ন কাৰণত ৰীতি নীতিৰ মাজেৰে বিবাহপাশত আৱদ্ধ হ`ব নোৱাৰা গড়মৰা গাৱৰ এনে ১২ যোৰা দৰা কইনাই গাঁও উন্নয়ন সমিতিৰ উদ্যোগত আয়োজিত সমূহীয়া বিবাহত অংশ লৈ জ্যোষ্ঠজনৰ আশীষ লয়।গড়মৰা গাঁও উন্নয়ন সমিতিৰ উদ্যোগত প্ৰতি বছৰেই এনে দৰে সমূহীয়াভাৱে অতি ধুমধামেৰে সমূহীয়া বিবাহ আয়োজিত কৰা হয় ।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Comments (0)
Add Comment