চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন

চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ নৱতম কাব্যগ্ৰন্থ “এশ বিয়োগ এক” উন্মোচন কৰা হয়। এই উপলক্ষে শনিবাৰে বিয়লি মহানগৰীৰ হেৰিটেজ উদেষ্ণাৰ প্ৰেক্ষাগৃহত বিয়লি ৫বজাৰ পৰা ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ ভালেসংখ্যক গণ্যমান্য ব্যক্তিৰ উপস্থিতিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয় । বিশিষ্ট সাহিত্যিক-অনুবাদক তথা “মেলুহা” গ্ৰন্থৰ বাবে সাহিত্য অকাডেমিৰ অনুবাদ বঁটা বিজয়ী বিপুল দেউৰী, শিক্ষাবিদ তথা এছবি দেওৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ধৰ্মেন্দ্ৰ নাথ, কটন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপিকা ড° মেৰী বৰুৱা, আইআইটিৰ ডিজাইন বিভাগৰ সহকাৰী অধ্যাপক মৃগাঙ্ক মধুকল্য, অসম পৰ্যটন উন্নয়ন নিগমৰ মহাপ্ৰৱন্ধক ভাস্কৰজ্যোতি বৰুৱা, বিশিষ্ট সাংবাদিক তথা “প্ৰথম খবৰ” নিউজ চেনেলৰ মুখ্য সম্পাদক প্ৰণয় বৰদলৈৰ গৌৰৱময় উপস্থিতিত গ্ৰন্থ উন্মোচনী অনুষ্ঠানটো অনুষ্ঠিত হয় ৷ বিশিষ্ট ব্যক্তিসকলে গ্ৰন্থখন উন্মোচন কৰাৰ পিছতে অনুষ্ঠানত কবি ৱাহিদা আহমেদে তেওঁৰ কাব্যসৃষ্টিৰ প্ৰেৰণা, উৎস আৰু আঁৰৰ কথা ব্যক্ত কৰে ৷ তেওঁ যিহেতু এগৰাকী চিত্ৰশিল্পীয়ো সেয়ে তেওঁৰ কবিতাসমূহত ছবি আৰু কাব্যৰ মিশ্ৰণ হোৱা বুলি উল্লেখ কৰে । চুফি ইছলাম অৰ্থাৎ যিয়ে সদায় এক কৰা আৰু আকোঁৱালি লোৱাৰ কথা কয় সেই দৰ্শনৰ প্ৰভাৱ ফুটি উঠা বুলি উল্লেখ কৰি তেওঁৰ কবিতাসমূহ আচলতে কাব্যসুলভ কথা-বাৰ্তা বা একো একোটা খণ্ডৰ পুথি বুলিহে মন্তব্য কৰে। সেইফালৰ পৰা লেখাসমূহ পাঠকে সহজতে অনুভৱ কৰিব পাৰিব বুলি ব্যক্ত কৰি সহৃদয় পাঠকৰ সহযোগিতা কামনা কৰে । ইফালে অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে লেখিকাৰ গতানুগতিকতাৰ পৰা পৃথক কবিতাসমূহত দেখিবলৈ পোৱা অভিনৱত্ব, ব্যতিক্ৰমী অনুভৱ-অনুভূতিৰ স্বতঃস্ফূৰ্ত প্ৰকাশ, অতীত কাতৰতা আৰু নষ্টালজিয়াৰ প্ৰভাৱ, নতুন বিষয়বস্তু, নতুন শৈলীৰ লগতে কবিৰ মানুহৰ প্ৰতি থকা অকৃত্ৰিম মৰম-স্নেহ, বিশ্বাস, ভালপোৱাৰ পবিত্ৰতা আদিবোৰ ৱাহিদা আহমেদৰ কবিতাৰ অন্যতম উল্লেখযোগ্য বৈশিষ্ট্য বুলি উল্লেখ কৰি কবিক অভিনন্দন জনায় । গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোৰ আৰম্ভণীতে আদৰণি ভাষণ আৰু উদ্যেশ্য বাখ্যা আগবঢ়োৰ লগতে গ্ৰন্থ উন্মোচনী অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালনা কৰে লেখক-সাংবাদিক ৰক্তাভ জ্যোতি বৰাই ৷ প্ৰকাশন প্ৰতিষ্ঠান “বুকবেল”ৰ দ্বাৰা প্ৰকাশিত কাব্য গ্ৰন্থখনৰ পৰা কেইবাটাও কবিতা পাঠ কৰি উপস্থিত গণ্যমান্য দৰ্শকক আপ্লুত কৰে মুক্তি দেৱীয়ে। উল্লেখ্য যে, কবিতা পুথিখন অনতিপলমে “এমাজন”ত উপলব্ধ হ’ব বুলি প্ৰকাশন প্ৰতিষ্ঠানৰ পৰা অৱগত কৰে।

Comments (0)
Add Comment