দীৰ্ঘদিন ধৰি অসম আৰক্ষীত সেৱা আগবঢ়াই প্ৰায় সাত মাহ পূৰ্বে বিশ্বৰ অন্যতম সৰ্ববৃহৎ অৰ্দ্ধ সামৰিক বাহিনী হিচাপে পৰিগণিত হোৱা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী ( চি আৰ পি এফ ) ৰ সঞ্চালক প্ৰধান পদত দায়িত্বভাৰ গ্ৰহণ কৰিলেও অসম, অসমীয়া আৰু মা কামাখ্যাক পাহৰা নাই জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে। অসম – মেঘালয় কেডাৰৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াজনে সুদীৰ্ঘকাল অসম আৰক্ষীত সেৱা আগবঢ়াই প্ৰায় তিনি বছৰ পূৰ্বে অসম আৰক্ষীত সঞ্চালক প্ৰধান হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। বিগত বৰ্ষৰ শেহৰ ফালে কেন্দ্ৰীয় চৰকাৰৰ নিযুক্ত সম্পৰ্কীয় কেবিনেট কমিটীয়ে সিঙক দক্ষতা, যোগ্যতা আৰু অভিজ্ঞতাৰ ভিত্তিত চি আৰ পি এফৰ সঞ্চালক প্ৰধান পদত বাচনি কৰিছিল। তাৰ পাছত চলিত বৰ্ষৰ জানুৱাৰী মাহত কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশনা অনুসৰি চি আৰ পি এফৰ সঞ্চালক প্ৰধান পদত যোগদান কৰিছিল সিঙে। কিন্তু কৰ্তব্যৰ খাতিৰত অসমৰ পৰা যাবলগীয়া হলেও অসম আৰু অসমীয়াক পাহৰা নাই সিঙে। একেদৰে মা কামাখ্যাৰ একান্ত ভক্ত হোৱাৰ সূত্ৰে তেওঁ চি আৰ পি এফৰ মুখ্য কাৰ্যালয়ত নিজ কোঠাত সযতনে ৰাখিছে মা কামাখ্যা মন্দিৰৰ এখন বৃহৎ ফটো। সমান্তৰালভাবে অসম আৰু অসমীয়াৰ স্বাভিমানৰ প্ৰতীক স্বৰূপ গামোচাখনকো অতি মৰ্যাদা সহকাৰে ৰাখিছে নিজ কোঠাত। ইফালে এটা কেন্দ্ৰীয় বাহিনীৰ মূৰব্বী হিচাপে দেশৰ কেবাখনো ৰাজ্যত চলি থকা নক্সাল বিৰোধী অভিযান , জম্মু – কাশ্মীৰত ভাৰত বিৰোধী কেবাটাও কুখ্যাত ইছলামিক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলি থকা অভিযান আদিৰ মাজতো সময় উলিয়াই তেওঁ নিয়মিতভাৱে অসমৰ খবৰ ৰাখি থাকে। আনকি অসমৰ পৰা যোৱা লোকক তেওঁ সময় উলিয়াই সাক্ষাৎ দিয়ে। আনকি দুই আগষ্টত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত ডঃ পাৰ্থ সাৰথি মহন্তই নতুন দিল্লীত অনুষ্ঠিত হোৱা এখন আলোচনা চক্ৰত ভাগ লৈ জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙক বাহিনীটোৰ মূখ্য কাৰ্যালয়ত সাক্ষাৎ কৰিছিল। তুলনামূলক ভাবে কনিষ্ঠ বিষয়া হোৱা স্বত্বেও সিঙে ডঃ মহন্তক ভাতৃৰ দৰে জ্ঞান কৰাৰ লগতে বহু সময় ধৰি তেওঁৰ সৈতে আইন শৃংখলাৰ ধৰি অসমৰ শেহতীয়া পৰিস্থিতিৰ বুজ লয় । সময় পালেই গুৱাহাটীলৈ পুনৰ আহি মা কামাখ্যাৰ আশীষ গ্ৰহণ কৰিব বুলিও সিঙে ব্যক্ত কৰিছে। উল্লেখ্য যে সাধাৰণ ৰাইজৰ বাবে বন্ধু আৰু অপৰাধীৰ প্ৰতি সদায় কঠোৰ দৃষ্টিভংগী নীতি গ্ৰহণ কৰি অহা সিঙক নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি মন্ত্ৰীসভাৰ সদস্য, আৰক্ষী – প্ৰশাসনৰ শীৰ্ষ বিষয়া আৰু অসমত থাকোতে তেওঁৰ সৈতে সু-সম্পৰ্ক থকা লোকসকলেও তেওঁক সাক্ষাৎ কৰি আহিছে।