চুটি ছবি মহোৎসৱ সফল পৰিসমাপ্তি

চুটি ছবি মহোৎসৱ সফল পৰিসমাপ্তি

সফল ভাবে পৰিসমাপ্তি ঘটিল গুৱাহাটীৰ চলচ্চিত্ৰ মহোৎসৱ আৰু চুটি ছবি প্ৰতিযোগিতা । উল্লেখযোগ্য যে ৰবীন্দ্ৰ ভৱনত গুৱাহাটী চিনে ক্লাৱৰ উদ্যোগত ১০ পৰা ১৬ ডিচেম্বৰলৈ অনুষ্ঠিত হৈছিল। বিভিন্ন দেশৰ যেনে বেলজিয়াম, জাৰ্মানী, ইটালী, চুইডেন, ফ্ৰান্স, ইৰান, ভাৰতৰ উপৰিও বহুকেইখন দেশৰ ছবি প্ৰৰ্দশিত হৈছিল। স্মৰ্তব্য যে পৃথিবীৰ বিভিন্ন দেশৰ ছবি এই মহোৎসৱৰ জৰিয়তে দৰ্শক সকলে চাবলৈ সুযোগ লাভ কৰিল। সেয়েহে এই ক্ষেত্ৰত চিনে ক্লাৱে আগবঢ়োৱা প্ৰচেষ্টা সচাঁই শলাগীবলগীয়া। উল্লেখযোগ্য যে চুটি ছবি প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ “কৃপাল কলিতা পৰিচালিত “মেঘ” দ্বিতীয় পুৰস্কাৰ জাহিদ খানৰ এলাৰ্ট- কণ্ডিচন ৰেড” আৰু তৃতীয় পুৰস্কাৰ মৃদুল বৰুৱাৰ লিয়াকৎ আৰু জুৰীৰ দ্বাৰা মনোনীত পুৰস্কাৰ লাভ কৰে আৰিন্দম বৰুৱাৰ “বোধ” নামৰ চুটি ছবি খনে। পুৰস্কাৰ বিতৰণ কৰে সন্থাৰ সভাপতি এ. কে আবচ হাজৰিকা আৰু বিশিষ্ট প্ৰবীন শিল্পী দিলীপ হাজৰিকা।

AMitava_dadad9

Comments (0)
Add Comment