চেন্ট্ৰেল মলৰ বাকৰিত জিলা পৰিবহন বিভাগৰ সজাগতা সভা

চেন্ট্ৰেল মলৰ বাকৰিত জিলা পৰিবহন বিভাগৰ সজাগতামূলক অভিযান।গহপুৰত শুকুৰবাৰে নিশা দুৰ্ঘটনাত মৃত্যু হোৱা বিহুৱা বিহুৱতী সকলকো  শ্ৰদ্ধাঞ্জলি জনালে।

বিহুৰ মাজতেই চেন্ট্ৰেল মলৰ বাকৰিত অনুষ্ঠিত বিহুতলিৰ মঞ্চত পৰিবহন বিভাগে চলালে সজাগতামূলক অভিযান।তীব্ৰ গতি, স্বৰ্গ গতি” শ্লোগানেৰে জনতাক সজাগ সাৱধান হৈ থাকিবলৈ আহ্বান পৰিবহন বিষয়া গৌতম দাসৰ।

আনহাতে মঞ্চত পৰিবেশন কৰা হ’ল অসম চৰকাৰৰ পৰিবহন বিভাগৰ হুঁচৰি দলৰ অনুষ্ঠানো।হাতে হাতে সজাগতামূলক প্লেকাৰ্ড লৈ কলা কুশলীৰ বিশেষ সজাগতামূলক অনুষ্ঠান।দুচকীয়া বাহন চলাওতে চালক আৰু আৰোহীক হেলমেট পৰিধান কৰিবলৈ আহ্বান জনায়।লগতে কয় যে সুৰাপান কৰি গাড়ী চলালে ভৰিব লাগিব ১০ হাজাৰ টকাৰ জৰিমনা আৰুহেলমেট নিপিন্ধিলে ভৰিব লাগিব ১০০০ টকাৰ জৰিমনা।তীব্ৰ বেগত আৰু সুৰাপান কৰি গাড়ী নচলাবলৈ আহ্বান পৰিবহন বিষয়া গৌতম দাসৰ।

Comments (0)
Add Comment