ভাৰতৰ জাতীয় পতাকা আমাৰ দেশৰ অখণ্ডতা আৰু সৰ্বভৌমত্বৰ প্ৰতীক ।সেয়েহে ১৫ আগষ্টৰ দিনা দেশৰ ৰাষ্ট্ৰীয় পতাকাক সন্মান জনাই দেশৰ ঐক্য আৰু সংহতি অক্ষত ৰখাৰ সংকল্প লৈ গোটেই দেশতে তথা বিশ্বৰ বিভিন্ন দেশত ভাৰতীয় ৰাষ্টবাদৰ হকে কাম কৰা অহা ৰাষ্ট্ৰীয় অনুষ্ঠান চেলুট তিৰংগাৰ অসম ৰাজ্যিক সমিতিয়ে কেন্দ্ৰীয়ভাৱে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ (ABVP) সৈতে যুটিয়া ভাৱে ৰাজ্যৰ ৰাজধানী গুৱাহাটীস্থিত শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰী সকলক লৈ লতাশিল খেল পথাৰৰ পৰা নেহৰু ষ্টেডিয়ামলৈ ১৫ আগষ্টৰ পুৱা ১০ বজাৰ পৰা বেণ্ড সহ বৰ্ণাঢ্য সাজ সজ্জাৰে বিশাল তিৰংগা যাত্ৰাৰ কাৰ্যসূচী গ্ৰহণ কৰে।কাৰ্য্যসূচীৰ আৰম্ভণিতে এ বি ভি পি আৰু চেলুট তিৰঙ্গাৰ কাৰ্যকৰ্তাই ইলেক্সনিক মোডিয়া, ডিজিটেল মেডিয়া আৰু প্ৰিন্ট মেডিয়াৰ সাংবাদিক সকলক সম্বৰ্ধনা জনায়।
এই মহৎ উদেশ্যৰে উৎযাপন হব লগা কাৰ্যসূচীত অসমৰ হৈ চেলুট তিৰংগা ৰাষ্ট্ৰীয় পৰ্য্যবেক্ষক,ৰাষ্ট্ৰীয় সমিতিত প্ৰতিনিধিত্ব কৰা বিষয়ববীয়া সমূহ, কাৰ্যকৰী সদস্য,সদস্যা,যুৱ আৰু মহিলা মৰ্চাৰ সমুহ সন্মানীয় বিষয়ববীয়া আৰু বিভিন্ন কোষৰ দায়িত্বত থকা বিষয়ববীয়া তথা সকলো স্তৰৰ সন্মানীয় কাৰ্যকৰ্তা সকলক উপস্থিত থাকে।
ৰাজ্যিক সমিতিয়ে উদযাপন কৰা এই কাৰ্যসূচীৰ উপৰিও অসমৰ ২৩ খন জিলাতো চেলুট তিৰঙ্গাৰ জিলা সমিতি সমূহৰ উদ্যোগত বিভিন্ন কাৰ্য্যসূচী যেনে বাইক ৰেলী, অনাথ শিশুক ফল মুল আৰু মিঠাই বিতৰণ, বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত জাতীয় পাতাকা বিতৰণ আৰু বিভিন্ন দেশৰ অখণ্ডতাৰ ওপৰত বক্তৃতা অনুষ্ঠান আয়োজন কৰে।