চৰাইদেউত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত

অসম চৰকাৰৰ প্ৰত্নতত্ব সঞ্চালকালয়ে চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনত এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হয়।অসমৰ চৰাইদেউত থকা ৰাজকীয় আহোম মৈদামসমূহৰ সংহত সংৰক্ষণ আৰু বিস্তৃত ব্যৱস্থাপনা:ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ঐতিহ্য ক্ষেত্ৰসমূহৰ আধাৰত অন্তৰ্দৃষ্টি শীৰ্ষক এই আলোচনা চক্ৰখন চৰাইদেউ জিলাৰ উপায়ুক্ত সভাকক্ষত অনুষ্ঠিত হয়।

অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি নাজিৰা সমষ্টি বিধায়ক দেৱব্ৰত শইকীয়াই কয় যে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্থান পোৱাৰ ক্ষেত্রত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে যি পদক্ষেপ গ্রহণ কৰিলে তাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।লগতে বিশ্ব ঐতিহ্য হিচাপে স্বীকৃতি লাভ কৰিলে চৰাইদেউৰ পৰ্যটন ক্ষেত্ৰত বিপুল সম্ভাৱনীয়তা আহিব বুলি তেখেতে মন্তব্য কৰে।

আনহাতে চৰাইদেউ জিলাৰ উপায়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে বক্তব্যত চৰাইদেউৰ ঐতিহাসিক মৈদাম সমূহৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ ক্ষেত্ৰত জিলাখনত আয়োজন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰই ইতিবাচক দিশ উন্মোচন কৰিব বুলি উল্লেখ কৰে।

শিৱসাগৰ জিলাৰ উপায়ুক্ত আদিত্য বিক্ৰম য়াদৱে অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় যে, চৰাইদেউৰ মৈদামসমূহে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ নাম সন্নিবিষ্ট কৰিবলৈ ধাবিত হোৱাটো অতিশয় আশাব্যঞ্জক বিষয়।এই দিশত বহুতো কৰণীয় আছে বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে, চৰাইদেউৰ সামগ্ৰিক আন্তঃগাঁথনি আৰু যোগাযোগ উন্নীতকৰণৰ লগতে পৰ্যটকৰ বাবে থকা-খোৱাৰ সু-ব্যৱস্থা কৰিব লাগিব আৰু ইয়াৰ বাবে প্ৰয়োজন হ’ব এক ব্যাপক তথা ব্যৱহাৰিক সু-পৰিকল্পনাৰ।

অনুষ্ঠানটিত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিশেষ ডঃ কে চি নৌৰীয়ালে ঐতিহাসিক আহোম ৰাজত্বৰ সোণালী ইতিহাসৰ স্বাক্ষৰ বহন কৰি থকা মৈদামসমূহৰ ইতিহাস,গাঁথনিৰ লগতে এই সমূহৰ ওপৰত কৰা অধ্যয়ন আৰু গৱেষণাৰ বিষয়ে এক তত্বগধূৰ আৰু সাৰগৰ্ভ প্ৰতিবেদন দাঙি ধৰে।

এই অনুষ্ঠানত সংৰক্ষণ বিশ্ব ঐতিহ্যৰ অতিৰিক্ত সঞ্চালক প্ৰধান জানৱিজ শৰ্মা, এ এছ আইৰ যুটিয়া সঞ্চালক (উত্তৰ পূৰ্বাঞ্চল) ডঃ টি আৰ শৰ্মা, এ এছ আইৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিষয়া ডঃ তপন ভট্টাচাৰ্য, এ এছ আইৰ অৱসৰপ্ৰাপ্ত সঞ্চালক (বিজ্ঞান) ডঃ সুৰজিত মৈতি, এ এছ আই টি খড়গপুৰৰ অধ্যাপক সংঘমিত্ৰা বসু, জয়পুৰৰ মহাৰজা চাৱাই মানসিং দ্বিতীয় যাদুঘৰৰ সঞ্চালক ডঃ ৰীমা হুজা, এ এছ আইৰ প্ৰাক্তন সঞ্চালক ডঃ এন তাহেৰ, আগ্ৰা খান ট্ৰাষ্ট ফৰ কালচাৰৰ কনজাৰ্ভেছন আৰ্কিটেক্ট ৰতিছ নন্দা, গুজৰাটৰ গান্ধীনগৰৰ ইনষ্টিটিউট অফ চেচমলজিকেল ৰিছাৰ্চৰ ডঃ সিদ্ধাৰ্থ প্ৰিজমৱালা, ক্ৰিয়েটিভ ফুটপ্ৰিন্টৰ কনজাৰ্ভেছন আৰ্কিটেক্ট ছমি চেটাৰ্জী,এ এছ আইৰ ৱৰ্ন্ড হেৰিটেজ চেকচনৰ ডেপুটি এছ এ ডঃ গজানন এল কটাৰে, এ এছ আইৰ ৱৰ্ন্ড হেৰিটেজ চেকচনৰ এ এছ এ ডঃ কাঞ্চন লতা ৰায়,এ এছ আইৰ সংৰক্ষণ সঞ্চালক ভীমা আজমেৰা, অসম চৰকাৰৰ প্ৰত্নতত্ব সঞ্চালকালৰ সঞ্চালক ডঃ দীপি ৰেখা কুলিৰ লগতে বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া উপস্থিত থাকে।

Comments (0)
Add Comment