ছয়গাঁৱৰ সংবাদদাতা হীৰেন্দ্ৰ কুমাৰ শৰ্মা শ্ৰেষ্ঠ স্হানীয় সংবাদদাতা বঁটাৰে সন্মানিত দৈনন্দিন বাৰ্তা গোষ্ঠীৰ

দৈনন্দিন বাৰ্তা গোষ্ঠীৰ মাতৃন্যাস আলোকপ্ৰভঞ্জন ৱেলফেয়াৰ ছ’চাইটিৰ উদ্যোগত আছাম ৰাইজিং ২০২২ বঁটা প্ৰদান অনুষ্ঠানত গোষ্ঠীটোৰ দ্বাৰা প্ৰকাশিত অসমীয়া দৈনিক বাতৰি কাকত “দৈনন্দিন বাৰ্তা” আৰু ডিজিটেল সংযোজন ডি বি নিউজত কামৰূপ জিলা ছয়গাঁৱৰ পৰা সততা আৰু নিষ্ঠাৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সেৱক ৰূপে কৰ্ম সম্পাদন কৰি যোৱাৰ সুবাদত গোষ্ঠীটোৱে আয়োজন কৰা ২০২১-২২ বৰ্ষৰ বঁটা প্ৰদান অনুষ্ঠানত ছয়গাঁৱৰ স্হানীয় সংবাদদাতা হীৰেন্দ্ৰ কুমাৰ শৰ্মা “দৈনন্দিন বাৰ্তা” ২০২১-২২ বৰ্ষৰ শ্ৰেষ্ঠ স্হানীয় সংবাদদাতা ৰূপে নিৰ্বাচিত হয়। তদুপলক্ষে যোৱা ১৭ মাৰ্চত গুৱাহাটী স্হিৰ ৰবীন্দ্ৰ ভৱনত আয়োজন কৰা “দৈনন্দিন বাৰ্তা বঁটা “২০২২, “আলোক প্ৰভঞ্জন বঁটা” ২০২২ আৰু “দ্যা আছাম ৰাইজিং  বঁটা “২০২২ প্ৰদান অনুষ্ঠানতে শ্ৰেষ্ঠ স্হানীয় সংবাদদাতাৰ দৈনন্দিন বাৰ্তা বঁটা প্ৰাপক হীৰেন্দ্ৰ কুমাৰ শৰ্মাক বঁটা প্ৰদান কৰে। উক্ত বঁটা প্ৰদান কৰে জনসংযোগ বিভাগৰ সঞ্চালক বিষ্ণু কমল বৰাই। আনহাতে বঁটা লাভ কৰি শৰ্মাই অত্যন্ত সুখ  অনুভৱ কৰাৰ লগতে কাকত গোষ্ঠীটোলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে শৰ্মাৰ ভৱিষ্যত জীৱন উজ্বল হোৱাৰ কামনা কৰি বিভিন্ন দল-সংগঠন আৰু যথেষ্ট সংখ্যক শুভাকাংশীয়ে শুভেচ্ছা জ্ঞাপন কৰে।

Comments (0)
Add Comment