জনসংযোগ বিভাগৰ সহযোগত UNICEF আৰু ASCPCR য়ে সংবাদকৰ্মীৰ সৈতে কৰ্মশালাৰ আয়োজন কৰিব

অসম চৰকাৰৰ জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকাই অজি জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাগৃহত আয়োজিত এক অনুষ্ঠানত ইউনিচেফ অসম আৰু অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগে প্ৰস্তুত কৰা “সুৰক্ষা অভিযান সন্দৰ্ভত সংবাদ মাধ্যমৰ হাতপুঠি” উন্মোচন কৰে | তথ্য আৰু জনসংযোগ বিভাগে ইউনিচেফ আৰু অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সহযোগিতাত অনাগত সময়ত শিশু সুৰক্ষাৰ বাবে ৰাজ্যিক ভিত্তিত আৰম্ভ কৰা সুৰক্ষা অভিযানৰ অধীনত সংবাদ মাধ্যমৰ বাবে কৰ্মশালাৰ আয়োজন কৰিব বুলিও আজি উন্মোচনী সভাত ঘোষণা কৰা হয় |

হাতপুঠিখন উন্মোচন কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে আমাৰ ভৱিষ্যত প্ৰজন্ম, বৰ্তমানৰ শিশুসকলক ভালকৈ ডাঙৰ কৰাৰ ক্ষেত্ৰত আমাৰ সকলোৰে কৰণীয় আছে | সমাজত থকা এচাম অৱহেলিত শিশুৰ ক্ষেত্ৰতো আমাৰ প্ৰত্যেকৰে কৰিবলগীয়া বহু আছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ইউনিচেফ অসমে গ্ৰহণ কৰা কাৰ্যসূচীৰ প্ৰশংসা কৰে | আনহাতে ক’ভিডৰ পাছৰ সময়খিনিত শিশুসকলে সন্মুখীন হোৱা সমস্যাৰাজিৰ সমাধানৰ বাবেও আমি প্ৰত্যেকেই নিজৰ নিজৰ দায়িত্ব পালন কৰিব লাগিব বুলি বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে | সমাজৰ অৱহেলিত শিশুসকলৰ ক্ষেত্ৰতো সংবাদ মাধ্যমৰ বিশেষ ভূমিকা আছে বুলি উল্লেখ কৰি তেওঁ আশা কৰে যে পৰৱৰ্তী সময়ত ইউনিচেফ, অসম আৰু ৰাজ্যৰ জনসংযোগ বিভাগৰ উদ্যোগত অনুস্থিত হ’বলগা কৰ্মশালাসমূহে সংবাদ মাধ্যমৰ লোকসকলক বিশেষভাৱে উপকৃত কৰিব |

আনহাতে আজিৰ উন্মোচনী সভাত “সুৰক্ষা অভিযান সন্দৰ্ভত সংবাদ মাধ্যমৰ হাতপুঠি” ৰ বিষয়ে নিজৰ ব্যক্তব্য ৰাখি ইউনিচেফ, অসমৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ মুৰব্বী ড: মধুলিকা জ’নাথনে কয় যে এই হাতপুঠিখনত শিশু সুৰক্ষাৰ বিষয়ে বিভিন্ন তথ্যৰ লগতে আঁচনি, নীতি আদি সন্নিবিষ্ট কৰা হৈছে | সুৰক্ষা অভিযানৰ জড়িয়তে মানুহক শিশু সুৰক্ষাৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশসমূহৰ বিষয়ে সজাগ কৰিবলৈ চেষ্টা কৰা হৈছে বুলিও তেওঁ মন্তব্য কৰে|আজিৰ এই উন্মোচনী সভাত ইউনিচেফ, অসমৰ কৰ্মকৰ্তাসকলৰ লগতে, জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰ, তথ্য আৰু জনসংযোগ বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰদীপ ব্ৰহ্ম আৰু সংবাদ মাধ্যমৰ প্ৰতিনিধিসকল উপস্থিত আছিল |

 

Comments (0)
Add Comment