যোৱা ৩১ অক্টোবৰত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ এন এছ এছ গোটৰ উদ্যোগত Community Development Cell আৰু Pragjyotish Adventure Club ৰ সহযোগত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে ‘Run for Unity to Promote Adventure Tourism’ শীৰ্ষক অনুষ্ঠান মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে উদযাপন কৰে। মহাবিদ্যালয়ৰ চৌহদত আৰম্ভণি হোৱা এই কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰী সকলে মহাবিদ্যালয়ৰ পৰা পোনে পোনে আদিংগিৰি পাহাৰৰ ফালে গতি কৰে। এই সময়খিনিত ছাত্ৰ-ছাত্ৰী সকলে স্থানীয় বাসিন্দাৰ লগত মত বিনিময় কৰাৰ লগতে Adventure Tourism সম্পৰ্কে নতুন জ্ঞান আহৰণ কৰাৰ চেষ্টা কৰে। আদিংগিৰি পাহাৰৰ অংশবৰ্তী অঞ্চল ভ্ৰমণ কৰাৰ শেষত ছাত্ৰ-ছাত্ৰী সকলে মহাবিদ্যালয়ৰ চৌহদত উক্ত Awareness Program টোৰ অন্ত পেলায়।
মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মনোজ কুমাৰ মহন্ত ডাঙৰীয়াৰ পৰামৰ্শ অনুযায়ী NSS Pragjyotish Unit ৰ অধ্যক্ষা ড° নন্দিতা ৰাজবংশী আৰু Community Development Cell ৰ প্ৰমুখ ড° মনজিৎ মজুমদাৰৰ নেতৃত্বত অনুষ্ঠিত উক্ত Awareness Programme টোত মহাবিদ্যালয়ৰ প্ৰায় ৩৫-৪০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
ইয়াৰোপৰি আবেলি পৰত NSS Volunteer সকলে আতচবাজী পৰিহাৰ কৰক, পৰিৱেশক মাত্ৰা দিয়ক, উক্তিৰে ভৰলু নৈৰ পাৰত প্ৰায় ১০০ গছিৰ অধিক বন্তি প্ৰজ্ঝলনেৰে ৰাষ্ট্ৰীয় একতা দিৱসক প্ৰাধান্য দিয়ে বুলি Pragjyotish Adventure Club ৰ সভাপতি ভূদেৱ তালুকদাৰে এক বিবৃতি যোগে জানিবলৈ দিয়ে।