জানুৱাৰীত তিনিদিনীয়াকৈ সত্ৰীয়া নৃত্য উৎসৱ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অনুপম সৃষ্টি তথা দেশৰ অন্যতম শাস্ত্ৰীয় নৃত্যশৈলীৰূপে স্বীকৃত সত্ৰীয়া নৃত্যক এক বিশেষ মৰ্যাদাৰে আগবঢ়াই নিয়াৰ বাবে অসম চৰকাৰে এক পদক্ষেপ গ্রহণ কৰিছে।এই উদ্দেশ্যে আজি সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াৰ সভাপতিত্বত দিছপুৰ জনতা ভৱনৰ কাৰ্যালয় কক্ষত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

সাংস্কৃতিক বিভাগৰ প্ৰধান সচিব ড০ বি কল্যাণ চক্ৰৱৰ্তী, সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালিকা মীনাক্ষী দাস নাথ, অতিৰিক্ত সচিব মণিদিপা বৰকটকী, উপ -সচিব অনুৰাগ ফুকনকে ধৰি বিভাগীয় বিষয়া সকলৰ উপস্থিতিত সত্ৰীয়া নৃত্য উৎসৱৰ সন্দৰ্ভত বিষদভাৱে আলোচনা কৰা হয়।কোণার্ক ফেষ্টিভেলৰ আৰ্হিত আগন্তুক বৰ্ষৰ ৫,৬আৰু ৭জানুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা এই সত্ৰীয়া নৃত্য মহোৎসৱৰ একেখন মঞ্চতে দেশৰ অন্যান্য শাস্ত্ৰীয় নৃত্য শৈলী সমূহো পৰিবেশিত হ’ব।প্ৰতি নৃত্য শৈলীৰে একক, দ্বৈত, তিনিজনীয়া আৰু দলীয়ভাবে নৃত্য পৰিৱেশন হ’ব লগা এই নৃত্য উৎসৱত প্ৰতিদিনে আলোচনা চক্র, মতবিনিময় অনুষ্ঠান আদিৰ ব্যৱস্থা থাকিব।

এই সন্দৰ্ভত বিষদভাৱে আলোচনা কৰাৰ বাবে এক বিশদ পৰিকল্পনা যুগুতাই উলিওৱাৰ লগতে পৰৱৰ্তী পৰ্যায়ত সত্ৰীয়া নৃত্য বিশেষজ্ঞ তথা অনুষ্ঠান সমূহৰে এক বৈঠক আহ্বান কৰাৰ বাবে সাংস্কৃতিক মন্ত্রী বড়াই বিষয়া সকলক নিৰ্দেশ দিয়ে।

Comments (0)
Add Comment