জামুগুৰিহাটত পৌৰসভাৰ নিৰ্বাচনী প্ৰচাৰ তুংগত- বিহু গীত,বিয়ানামৰে প্ৰাৰ্থীৰ আকৰ্ষণীয় প্ৰচাৰ

পৌৰসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে জামুগুৰিহাটতো আকৰ্ষণীয় হৈ পৰিছে প্ৰাৰ্থীৰ প্ৰচাৰ অভিযান।ভোটাৰ ৰাইজৰ মন জয় কৰাৰ বাবে প্ৰাৰ্থীয়ে চলাইছে আকৰ্ষণীয় প্ৰচাৰ।বিহু গীতৰ সমান্তৰালকৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত স্থান পাইছে বিয়া নামেও।জামুগুৰি পৌৰসভাৰ ২ নং ৱাৰ্ডৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী মৃদুপৱন দাসে নিৰ্বাচনী প্ৰচাৰ অভিযানত নিজে বিহু গীত গোৱাৰ লগতে দলীয় সমৰ্থকসকলে বিয়া নাম গাইও ঘৰে ঘৰে ভোট ভিক্ষা মগা পৰিলক্ষিত হৈছে। খোৱা পানী,নলা নদৰ্মাৰ সমস্যা থকা জামুগুৰি পৌৰসভাৰ ২ নং ৱাৰ্ডৰ পৰা প্ৰতিদণ্ডিতা আগবঢ়োৱা বিজেপি দলৰ প্ৰাৰ্থী গৰাকীয়ে আকৰ্ষণীয় প্ৰচাৰ অভিযানৰ মাজতে তেওঁ বিজয়ী হলে ৰাইজক দিলে সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Comments (0)
Add Comment