জামুগুৰিহাটত হৰিণা উদ্ধাৰ

নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰা এটি হৰিণা উত্তৰ জামুগুৰি অঞ্চলৰ মৰিসুতিত উদ্ধাৰ কৰা হয় । স্থানীয় ৰাইজে হৰিণাটো দেখা পাই অত্যন্ত কৌশলৰে হৰিণাটো কৰায়ত্ব কৰি ইটাখোলাস্থিত ডিপলোঙা বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ক অৱগত কৰে। পিছত বনবিভাগৰ লোক উপস্থিত হৈ হৰিণাটো লৈ অহাৰ লগতে পশুচিকিংসকৰ দ্বাৰা পৰীক্ষা কৰায়।উদ্ধাৰ হোৱা হৰিণাটো বনবিভাগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনত এৰি দিব বুলি জানিবলৈ দিছে।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Comments (0)
Add Comment