জামুগুৰিহাটৰ কন্যকা কৃষি পামত কৃষি প্ৰশিক্ষণৰ লগতে কৃষকৰ মাজত বীজ আৰু গছপুলি বিতৰণ বিধায়ক পদ্ম হাজৰিকাৰ

শোণিতপুৰ জিলা কৃষি বিভাগৰ জৰিয়তে আজি জামুগুৰিহাট অঞ্চলৰ শতাধিক কৃষকৰ মাজত কৃষি সজাগতা প্ৰশিক্ষণৰ লগতে বিতৰণ কৰা হয় উন্নতমানৰ সৰিয়হ আৰু গোমধানৰ বীজ ৷ জামুগুৰিহাটৰ অন্তৰ্গত জীয়া ভৰলী বহুমুখী কন্যকা কৃষি পামত অনুষ্ঠিত এই কৃষি প্ৰশিক্ষণত বৰ্ণ সংকৰ বীজ সমূহ খেতিয়ক সকলৰ মাজত বিতৰণ কৰা হয় ৷ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা বিশেষ অতিথি হিচাপে উপস্থিত থাকি কৃষক সকলক উদ্দেশ্যি সাৰমৰ্ম বক্তৱ্য আগবঢ়ায় ৷ সভাখনত কৃষক সকলক কৃষি বীজৰ লগতে এটিকৈ গছপুলিও বিতৰণ কৰা হয় ৷ কৃষকক বীজ বিতৰণ অনুষ্ঠানত জিলা কৃষি বিভাগৰ উচ্চ পদস্থ বিষয়া সকলৰ লগতে বৰভগীয়া জিলা পৰিষদৰ সদস্যা প্ৰমুক্ষে নদুৱাৰ উন্নয়ন খণ্ডৰ এলেকাৰ পঞ্চায়ত প্ৰতিনিধি সকল উপস্থিত থাকে৷

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Comments (0)
Add Comment