জামুগুৰিহাটৰ টৌভঙাত শোণিতপুৰ জিলাৰ ভৰলী পৰীয়া মিচিং জনগোষ্ঠীৰ নাতে বংশৰ সম্বৰ্ধনা সভা -সভাত উপস্থিত বিশ্বনাথৰ উপায়ুক্ত মুনিন্দ্ৰ নাতে

জামুগুৰিহাটৰ টৌভঙাত শোণিতপুৰ জিলাৰ
ভৰলী পৰীয়া মিচিং জনগোষ্ঠীৰ নাতে বংশৰ ৰাইজে আজি টৌভঙাত অনুষ্ঠিত কৰে এখনি বিশেষ সম্বৰ্ধনা সভা ৷ নাতে বংশৰ কৃতি শিক্ষক কৰ্মচাৰীকে ধৰি আমোলা বিষয়া সকলক সম্বৰ্দ্ধনা জ্ঞাপন কৰে ভৰলী পৰীয়া নাতে বংশৰ সদস্য সকলে ৷ টৌভঙাৰ বিশিষ্ট সমাজক্ৰমী তুলসী নাতেৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত বিশ্বনাথ জিলাৰ উপায়ুক্ত মুনিন্দ্ৰ নাতে, কলিয়াবৰ মহাবিদ্যালয়ৰ সহ অধ্যাপক ৰাজশ্ৰী পায়েংৰ উপৰিও পৰিয়ালৰ টেট উৰ্ত্তীণ শিক্ষক সকলৰ লগতে আৰক্ষী সেনা বাহিনীত চাকৰি পোৱা নৱ প্ৰজন্ম সকলক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ৷ সমাজকৰ্মী নন্দেশ্বৰ নাতে আঁতধৰা সভাখনিত মিচিং স্বায়ত্ত্ব পৰিষদৰ সদস্য ৰাজু চিন্তে, নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি অজিত পায়েঙকে ধৰি বিভিন্নজন উপস্থিত থাকে ৷ সম্বৰ্ধনা গ্ৰহণ কৰি জিলা উপায়ুক্ত গৰাকীয়ে কয়- “মিচিং সমাজখন আমাৰ একেবাৰে পিচপৰা ৷ সমাজখন আমি আগুৱাই নিব লাগিব৷নৱ প্ৰজন্মক আমি বিভিন্ন শিক্ষাৰে শিক্ষিত কৰি তুলিব লাগিব ৷ সমাজখন আগবাঢ়িলে অসমীয়া সমাজখনো শক্তিশালী হ’ব বুলি মন্তৱ্য কৰে বিশ্বনাথ জিলা উপায়ুক্ত মুনিন্দ্ৰ নাতেই। সম্বৰ্ধনা সভাৰ পূৰ্বে জিলা উপায়ুক্তই ৰাইজৰ সহযোগত টৌভঙাৰ ৰাজহুৱা স্থানত গছপুলিও ৰোপন কৰে।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Comments (0)
Add Comment