জামুগুৰিহাটৰ হাটিঙা হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক প্ৰয়াত তিলক কাকতিৰ সোঁৱৰণত স্মৃতিৰ সুৱাস গ্ৰন্থ উন্মোচন

শোণিতপুৰ জিলা জামুগুৰিহাটৰ হাটিঙা হাইস্কুলৰ প্ৰতিষ্ঠাপক তথা অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক প্ৰয়াত তিলক কাকতিৰ সোঁৱৰণত তেখেতৰ পৰিয়ালবৰ্গৰ সহযোগত উত্তৰ জামুগুৰি শাখা সাহিত্য সভাই প্ৰকাশ কৰি উলিওৱা স্মৃতিৰ সুবাস নামৰ এখনি স্মৃতি গ্ৰন্থ আজি শুভ উন্মোচন কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ তেজপুৰ জিলাৰ প্ৰাক্তন সভাপতি প্ৰভাকৰ বৰ্মনে৷ জামুগুৰিহাটৰ মুঢ়াদল বেবেজিয়া গাঁওস্থিত প্ৰয়াত কাকতিৰ বাসভৱনত উত্তৰ জামুগুৰি শাখা সাহিত্য সভাৰ সভাপতি ৰত্ন কান্ত নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাত স্মৃতিগ্ৰন্থ উন্মোচন কৰি দিয়া ভাষণ প্ৰসংগত বৰ্মনে কয় যে তিলক কাকতি কেৱল নাম নহয় এটা অনুষ্ঠান আছিল ৷যি গৰাকী বিশিষ্ট সমাজকৰ্মী, সমাজ সংগঠকে হাটিঙা হাইস্কুল খন প্ৰতিষ্ঠা কৰি লৈ বিনা বেতনে ছাত্ৰ-ছাত্ৰী সকলক সুদীৰ্ঘ দিন পাঠদান কৰি থাকি অৱশেষত অৱসৰ গ্ৰহণ কৰিব লগীয়া হৈছিল।মূঢ়াদল পুথিভড়ালৰ কেইবাটাও কাৰ্য্যকালৰ সম্পাদক, বেবেজিয়া গাঁও উন্নয়ন কমিটিৰ সভাপতি উত্তৰ জামুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতি ও পৰীক্ষা পৰিচালনা সমিতিৰ সভাপতি , শ্ৰীমন্ত শঙ্কৰদেৱৰ সংঘৰ তেজপুৰ জিলা শাখাৰ উপ সভাপতি ,উত্তৰ জামুগুৰি শাখা সাহিত্য সভাৰ উপ সভাপতি আৰু অসম সাহিত্য সভাৰ আজীৱন সদস্য, শোণিতপুৰ জিলা অৱসৰপ্ৰাপ্ত শিক্ষক সন্থাৰ সভাপতিকে ধৰি বিভিন্ন পদ অলংকৃত কৰিছিল তিলক কাকতিয়ে ৷ ১৯৫৬ চনৰ ৩ ফেব্ৰুৱাৰীত জন্ম লাভ কৰা তিলক কাকতিয়ে সকলোবোৰ ৰাজহুৱা দায়িত্ব আৰু কৰ্তব্য সততা আৰু নিষ্ঠাৰে পালন কৰি সকলোৰে মৰম আশীষ আজুৰি প্ৰিয় ভাজন হৈ পৰাৰ লগতে সমাজৰ প্ৰত্যেক শ্ৰেণীৰ লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল । উঠি অহা প্ৰজন্মৰ বাবে আদৰ্শ হৈ পৰা তিলক কাকতিয়ে ২০২২ বৰ্ষৰ ২৫ এপ্ৰিলত বৈকুন্ঠগামী হয় ৷তেওঁৰ কৰ্মৰাজী আমি চিৰদিন স্মৰণ কৰিম আৰু নৱ প্ৰজন্মই তেঁওৰ কৰ্ম অনুকৰণ কৰি সুস্থ সৱল সমাজ গঢ়িব পাৰিব। স্মৃতিচাৰণ আনুষ্ঠান তথা গ্ৰন্ঠ উন্মোচনী অনুস্থানটিত অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক প্ৰয়াত তিলক কাকতিৰ স্মৃতি ৰোমন্থন কৰি বক্তব্য প্ৰদান কৰে শ্ৰীমন্তশঙ্কৰদেৱৰ সংঘৰ তেজপুৰ জিলাৰ সভাপতি খনীন্দ্ৰ বৈশ্য, উত্তৰ জামুগুৰি হইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ক্ষেমৰাজ ঢাকাল, মূঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহাল, বিশিষ্ট সমাজকৰ্মী যাদৱ গোস্বামী, উত্তৰ জামুগুৰি শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পূৰ্ণ হাজৰিকা, জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক নিতুমনি বৰাকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Comments (0)
Add Comment