জালুকবাৰীত ৰোগত আক্ৰান্ত লোকক মুখ্যমন্ত্ৰীৰ আৰ্থিক সাহায্য পুঁজিৰ চেক বিতৰণ

জালুকবাৰীত ৰোগত আক্ৰান্ত লোকক মুখ্যমন্ত্ৰীৰ আৰ্থিক সাহায্য পুঁজিৰ চেক বিতৰণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই পুৰ্বৰ জালুকবাৰী সমষ্টিৰ লগতে সমষ্টি পুনৰ গঠনৰ পাছত নতুনকৈ জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা পূৰ্বৰ পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত অঞ্চলসমুহতো উন্নয়নমূলক আঁচনি ৰূপায়ণ আৰু জনকল্যাণমূলক কাম – কাজ সমুহ সম্পন্ন কৰা কাম আৰম্ভ কৰা পৰিলক্ষিত হৈছে। ইয়াৰ অংশহিচাপে ১৭ ফেব্ৰুৱাৰীত জালুকবাৰী সমষ্টিত অন্তৰ্ভুক্ত হোৱা গুৱাহাটী পৌৰ নিগম এলেকাৰ ১,২,৯,১০ আৰু ২৩ নম্বৰ ৱাৰ্ডৰ বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকা ৪৩ জন লোকক মুখ্যমন্ত্ৰীৰ আৰ্থিক সাহায্য পুঁজিৰ চেক বিতৰণ কৰা হয়।এই উপলক্ষে ২ নম্বৰ ৱাৰ্ডৰ সুন্দৰবড়ী ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত হিতাধিকাৰী সকলক মূখ্যমন্ত্ৰীৰ আর্থিক সাহায্য পুঁজিৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত
বিষয়া হেমন্ত চৌধুৰীয়ে।অনুষ্ঠানত চমু ভাষণত হেমন্ত চৌধুৰীয়ে ৰোগত আক্ৰান্ত হৈ থকা সকলো লোকৰে আশু আৰোগ্য আৰু সুস্বাস্থ্য কামনা কৰি আগন্তক দিনত প্ৰয়োজন হলে চৰকাৰী চিকিৎসালয়ত চিকিৎসা প্ৰদানকে ধৰি চৰকাৰৰ পৰা পাবলগীয়া আন আন সুবিধা সমুহ প্ৰদান কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হব বুলি সদৰি কৰে। আনহাতে অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ পাৰিষদ ক্ৰমে – হুকুম চান্দ আলী বক্সী, মুকুল কলিতা, অৰ্চনা দাস আৰু কল্পনা দাস,বিজেপিৰ গুৱাহাটী বিশ্ববিদ্যালয় মণ্ডলৰ সভাপতি চিন্ময় শৰ্মা,সাধাৰণ সম্পাদক মনোজ কুমাৰ দাসকে ধৰি মণ্ডল সমিতিৰ কেবাজনো কাৰ্যকৰ্তা, কেবাজনো বিশিষ্ট লোক উপস্থিত আছিল।

Comments (0)
Add Comment