জোনাইত ব্ৰহ্মপুত্ৰৰ পাৰত নিৰ্মিত মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

অসম চৰকাৰৰ জলসম্পদ,তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি ধেমাজি জিলা ভ্ৰমণ কৰি জোনাই সমষ্টিত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত নতুনকৈ নিৰ্মিত মথাউৰি পৰিদৰ্শন কৰে।২০২২-২৩ বৰ্ষৰ SoPD ৰ অধীনত প্ৰায় ১৪.৫ কোটি টকা ব্যয়েৰে জোনাই সমষ্টিৰ শান্তিপুৰ তিনিআলিৰ পৰা কেৰকেৰ নামৰ স্থানলৈকে প্ৰায় ৭ কিল’মিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰা হৈছে । আজি এই মথাউৰি পৰিদৰ্শন কৰি মন্ত্ৰী হাজৰীকাই কয় যে ধেমাজি জিলাক বানমুক্ত কৰিবলৈ ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে প্ৰাথমিকতা প্ৰদানেৰে কাম কৰি আছে।

জোনাই বিধানসভা সমষ্টিত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত উন্মুক্ত হৈ থকা প্ৰায় ৪০ কিল’মিটাৰ অংশৰ ১১ কিল’মিটাৰ দৈৰ্ঘ্যত বিগত প্ৰায় তিনিবছৰত মথাউৰি নিৰ্মাণ কৰা হৈছে বুলি মন্তব্য দি মন্ত্ৰী হাজৰীকাই স্থানীয় ৰাইজক প্ৰতিশ্ৰুতি দিয়ে যে এইবাৰ এই উন্মুক্ত অংশৰ প্ৰায় ২০ কিল’মিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰা হ’ব । পৰ্যায়ক্ৰমে সকলো উন্মুক্ত অংশতে মথাউৰি নিৰ্মাণ কৰা হ’ব বুলি মন্ত্ৰী হাজৰীকাই মন্তব্য প্ৰদান কৰে ।

Comments (0)
Add Comment