উত্তৰ-পূব ভাৰতৰ অন্যতম বিশ্বাসযোগ্য চিমেণ্ট ব্ৰেণ্ড টপচেম চিমেণ্টে আই ক্লিনিক আৰু অস্ত্ৰোপচাৰ কেন্দ্ৰৰ চিকিৎসকৰ সহযোগত নৱম সংখ্যক বিনামূলীয়া চকুৰ ছানি পৰা অস্ত্ৰোপচাৰ আৰু চকু পৰীক্ষা শিবিৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে৷ এই পদক্ষেপৰ জৰিয়তে সমগ্ৰ অসমৰ অভাৱগ্ৰস্ত আৰু প্ৰান্তীয় জনগোষ্ঠীসমূহৰ বাবে গুণগত স্বাস্থ্যসেৱাৰ সুবিধা উন্নত কৰাৰ বাবে থকা কোম্পানীটোৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে৷
অহা ২৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া ১৫ দিনীয়া কাৰ্যসূচীৰ জৰিয়তে সমগ্ৰ দৰং জিলা, ওদালগুৰি জিলা, বাক্সা জিলা আৰু কামৰূপ মহানগৰ জিলাৰ কেইবাটাও গ্ৰাম্য আৰু অৰ্ধনগৰীয়া অঞ্চল সামৰি লোৱা হ’ব৷ বিশেষকৈ আৰ্থিকভাৱে দুৰ্বল জনসাধাৰণৰ মাজত সুলভ চকুৰ যত্ন সেৱাৰ প্ৰয়োজনীয়তাৰ ভিত্তিত উক্ত জিলাকেইখনক চিনাক্ত কৰা হৈছে৷
শিবিৰৰ সময়ছোৱাত প্ৰায় ২৫০ ৰো অধিক লোকক ‘আই ডাক্তৰ্ছ-এন আই ক্লিনিক আৰু চাৰ্জাৰী চেন্টাৰ’ গুৱাহাটীৰ অভিজ্ঞ চকু বিশেষজ্ঞ আৰু প্ৰশিক্ষিত চিকিৎসা পেছাদাৰীৰ এটা দলে চকুৰ বিস্তৃত পৰীক্ষা কৰিব৷ এই স্ক্ৰীনিঙত চকুৰ ছানি পৰা, ৰিফ্ৰেক্টিভ এৰ’ৰ, বয়সৰ লগত জড়িত দৃষ্টিশক্তিৰ সমস্যা আৰু অন্যান্য চকুৰ সমস্যা চিনাক্তকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব৷ ৰোগীয়ে চিকিৎসা পৰামৰ্শৰ লগতে প্ৰয়োজন সাপেক্ষে প্ৰেছক্ৰিপচন আৰু অধিক চিকিৎসাৰ বিকল্পৰ সন্দৰ্ভত চিকিৎসকৰ নিৰ্দেশনাও লাভ কৰিব৷ উল্লেখযোগ্য যে এই কাৰ্যসূচীৰ অংশ হিচাপে টপচেম চিমেণ্টে স্ক্ৰীনিঙৰ সময়ত ধৰা পৰা যোগ্য ৰোগীৰ বাবে ৪০টা বিনামূলীয়া কেটাৰেক্ট অস্ত্ৰোপচাৰৰ বাবে আৰ্থিক সহায় আগবঢ়াব৷ উন্নত চকু চিকিৎসাৰ বাবে পৰিচিত সুসজ্জিত সুবিধা থকা গুৱাহাটীৰআই ডাক্তৰ্ছ-এন আই ক্লিনিক আৰু চাৰ্জাৰী চেন্টাৰ’ত এই অস্ত্ৰোপচাৰ সম্পন্ন কৰা হ’ব৷ আনহাতে অস্ত্ৰোপচাৰৰ পূৰ্বে মূল্যায়ন, অস্ত্ৰোপচাৰৰ পদ্ধতি, অস্ত্ৰোপচাৰৰ পিছৰ যত্ন, আৰু প্ৰয়োজনীয় ঔষধকে ধৰি সংশ্লিষ্ট সকলো চিকিৎসা খৰচ বহন কৰা হ’ব৷ বিশেষকৈ আৰ্থিক বাধাসমূহ দূৰ কৰি যে আৰ্থিকভাৱে দুৰ্বল ব্যক্তিসকলে সময়মতে আৰু জীৱন পৰিৱৰ্তনকাৰী চিকিৎসা লাভ কৰিব পাৰে সেইক্ষেত্ৰত এই পদক্ষেপৰ জৰিয়তে নিশ্চিত প্ৰদান কৰা হৈছে৷
এই পদক্ষেপৰ সন্দৰ্ভত মেঘালয় চিমেণ্ট লিমিটেডৰ বিক্ৰী তথা বিপননৰ ছিনিয়ৰ প্ৰেচিডেন্ট ড০ অনিল কাপুৰে কয়, ‘টপচেম চিমেণ্টে বহনক্ষম সম্প্ৰদায়ৰ উন্নয়নত অৰিহণা যোগোৱা অৰ্থপূৰ্ণ সামাজিক পদক্ষেপক সমৰ্থন কৰিবলৈ গভীৰভাৱে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে৷এই পদক্ষেপৰ জৰিয়তে টপচেম চিমেণ্টৰ লক্ষ্য কেৱল দৃষ্টিশক্তি পুনৰুদ্ধাৰ কৰাই নহয়৷ তেওঁলোকৰ সামগ্ৰিক
জীৱনৰ মানদণ্ডও বৃদ্ধি কৰি সকলো ক্ষেত্ৰতে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰা হৈছে৷’
লক্ষণীয়ভাৱে নৱম সংখ্যক শিবিৰৰ শুভাৰম্ভৰ লগে লগে টপচেম চিমেণ্টে কেৱল এটা আগশাৰীৰ চিমেণ্ট নিৰ্মাতা হিচাপেই নহয়, অসমত স্বাস্থ্যসেৱাৰ সুলভতা আৰু সম্প্ৰদায়ৰ মংগলৰ বাবে উচৰ্গিত দায়িত্বশীল কৰ্পৰেট নাগৰিক হিচাপেও নিজৰ ভূমিকা শক্তিশালী কৰি তুলিছে৷ ২০১৮ চনত চকুৰ ছানি পৰা অস্ত্ৰোপচাৰৰ পদক্ষেপ আৰম্ভ হোৱাৰ পৰাই টপচেম চিমেণ্টে সমগ্ৰ ভাৰততে অন্ধতাৰ প্ৰাদুৰ্ভাৱ হ্ৰাস কৰাৰ লক্ষ্যৰে নেশ্যনেল প্ৰগ্ৰেম ফৰ কন্ট্ৰল অৱ ব্লাইণ্ডনেছ এণ্ড ভিজুৱেল ইম্পেয়াৰমেণ্টৰ লক্ষ্যৰ সৈতে নিজৰ প্ৰচেষ্টাক ঐক্যবদ্ধ কৰি ৰাখিছে৷ ২০২৫ চনলৈকে কোম্পানীটোৱে ২৪০টা চকুৰ ছানি পৰা অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰাৰ লগতে সমগ্ৰ অঞ্চলটোত দৃষ্টিশক্তি পুনৰুদ্ধাৰ আৰু জীৱন পৰিৱৰ্তন কৰাত সহায় আগবঢ়াই আহিছে৷