টাইকোৱাণ্ডো ক্ৰীড়াৰ ৩৮ সংখ্যক ৰাজ্যিক প্ৰতিযোগিতাৰ সামৰণি

গুৱাহটী নেহেৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণৰাম ফুকন ইন্দ’ৰ ষ্টেডিয়ামত সদ্য সমাপ্ত বিভিন্ন জিলাৰ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰা ৰাজ্যিক টাইকোৱাণ্ডো প্ৰতিযোগিতাত কামৰূপ জিলাৰ গুৱাহাটী মহানগৰীৰ বৰবাৰীত অৱস্থিত “দ্যা ৰেক্স মাৰ্চিয়েল আৰ্ট একাডেমী”ৰ ছাত্ৰ তথা গুৱাহটী ন-মাইলৰ কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ ৰিয়ান শইকীয়াই জুনিয়ৰ ল’ৰাৰ ৭৮ কেজিৰ শাখাত সোণৰ পদক লাভ কৰে ৷ প্ৰশিক্ষক অণ্চিত সিনহাৰ তত্বাবধানত প্ৰশিক্ষণ লাভ কৰা ৰিয়ান শইকীয়াই ইতিপূৰ্বেও বিভিন্ন পৰ্যায়ৰ টাইকোৱাণ্ডো প্ৰতিযোগীতাত পদক আজুৰি আনিবলৈ সক্ষম হৈছে ৷ গুৱাহটী চচল স্থিত প্ৰশান্ত শইকীয়া আৰু তৃষ্ণা শইকীয়াৰ জেষ্ঠ্য পুত্ৰ ৰিয়ান ৰাষ্ট্ৰীয় প্ৰতিযোগীতালৈ নিৰ্বাচিত হোৱাত যোগ সাধনা আৰু যোগ প্ৰচাৰক বঁটা বিজয়ী ধনঞ্জয় তালুকদাৰ , জিলা টাইকোৱাণ্ডো এছ’চিয়েচনৰ , ওপৰ চচল বিহু সন্মিলন , চচল শতদল শাখা সাহিত্য সভা আদি বিভিন্ন ব্যক্তি আৰু অনুষ্ঠানে উষ্ম আদৰণি জনায় আৰু শুভেচ্ছা জ্ঞাপন কৰে।
__

Comments (0)
Add Comment