ডাইনী-অন্ধবিশ্বাস-কুসংস্কাৰৰ বিৰুদ্ধে যুঁজ দিয়া সমাজসেৱিকা, পদ্মশ্রী বিৰুবালা ৰাভাক অগপৰ গভীৰ শ্ৰদ্ধাঞ্জলি

ডাইনী-অন্ধবিশ্বাস-কুসংস্কাৰৰ বিৰুদ্ধে নির্ভীক-আপোচহীনভাবে যুঁজ দি চলিত বৰ্ষৰ ১৩ মে’ত এই সংসাৰৰ পৰা বিদায় মগা মানৱতাবাদৰ উৎকৃষ্ট নিদৰ্শক, সমাজসেৱিকা বিৰুবালা ৰাভাক আজি অসম গণ পৰিষদ দলে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। গোৱালপাৰা জিলাৰ ঠাকুৰবিলা ৰাজহুৱা খেলপথাৰত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ লগতে কেইবাটাও সংগঠনে আয়োজন কৰা ৰাজহুৱা স্মৃতিচাৰণ সভাত অগপৰ এটা প্ৰতিনিধি দল উপস্থিত হৈ এইগৰাকী মহান মনিষীক শ্ৰদ্ধাঞ্জলি জনায়।২০২১ বৰ্ষত ভাৰত চৰকাৰে সমাজসেৱা শিতানত পদ্মশ্রী বঁটাৰে সন্মানীত কৰা বিৰুবালা ৰাভাৰ মহাপ্ৰস্থানত অসম গণ পৰিষদ দল অতিকৈ মর্মাহত হৈ পৰিছে। বিৰুবালা ৰাভা কায়িকভাবে আঁতৰি গ’লেও তেওঁৰ সমাজ সংস্কাৰধৰ্মী আদর্শ আৰু চিন্তা চিৰজ্যোতিষ্মান হৈ থাকিব বুলি অসম গণ পৰিষদ দলে বিশ্বাস কৰে।

স্মৃতিচাৰণ সভাত অগপৰ উপ-সভাপতি জ্যোতিশ দাস, অপূৰ্ব ভট্টাচার্য, সাধাৰণ সম্পাদক সত্যব্ৰত কলিতা, ভূপেন ৰয়, তথ্য আৰু প্ৰচাৰ সম্পাদক অংশুমান দত্ত আৰু অগপৰ গোৱালপাৰা জিলাৰ সভাপতি জিতেন দাস উপস্থিত থাকি এই মহান মনিষীগৰাকীক শ্ৰদ্ধাঞ্জলি জনায়।

Comments (0)
Add Comment