ডেভেলপমেণ্ট ডিজিটেলি গ্রুপৰ উদ্যোগত কেৰিয়াৰ কৰ্মশালা সম্পন্ন

Career workshop
ডেভেলপমেণ্ট ডিজিটেলি  গ্রুপৰ উদ্যোগত কেৰিয়াৰ কৰ্মশালা সম্পন্ন

ডেভেলপমেণ্ট  ডিজিটেলি গ্রুপ  নামৰ ৱাটচআপ গোটৰ উদ্যোগত ২০ ফেব্ৰুৱাৰী তাৰিখে সন্ধিয়া ৭বজাত এখন বিনামূলীয়া অনলাইন কেৰিয়াৰ কৰ্মশালা অনুষ্ঠিত হয় । ৱাটচআপ গোটটোৰ প্রশাসক বিমল বৰাই শুভাৰম্ভণি কৰা কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই । কৰ্মশালাখনত ড° বুঢ়াগোহাঁয়ে কেৰিয়াৰ সম্পৰ্কীয় দিহা-পৰামৰ্শ আগবঢ়ায় । তেওঁ কৰ্মশালাখনত অংশগ্রহকাৰীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে প্ৰতি শনিবাৰে বিয়লি ৬বজাৰৰ পৰা ৯বজালৈ ফোনযোগে (৯৪৩৫১৮৮৬৩০) আগবঢ়োৱা কেৰিয়াৰ পৰামৰ্শৰ বিষয়েও অৱগত কৰে । ডেভেলপমেণ্ট ডিজিটেলি গ্রুপৰ বিষয়ে জানিবৰ বাবে আগ্রহীসকলে ই-মেইল developmentdigitally@gmail.comত যোগাযোগ কৰিব পাৰে। কৰ্মশালাখনত ডেভেলপমেণ্ট ডিজিটেলি গ্রুপৰ সদস্য সমীৰণ ৰাজ বড়োয়ে শলাগৰ শৰাই আগবঢ়ায়।

Comments (0)
Add Comment