ড্ৰেগন ফলৰ খেতি কৰি স্বাৱলম্বী হৈছে টকৌবাৰী বালিগাঁৱৰ দুই ভাতৃ। ৰত্ন বছনেট আৰু দিগ বছনেটে নামৰ দুই ভাতৃয়ে দুবছৰ আগৰে পৰা ড্ৰেগন ফলৰ খেতি কৰিছিল। অতি মূল্যবান আৰু ঔষধি যুক্ত ফলবিধৰ খেতি কৰি প্ৰথম অৱস্থাৰ পৰাই সফলতা লাভ কৰিছে । জানিব পৰা মতে প্ৰতি কেজিৰ ড্ৰেগনৰ মূল্য ৫০০ টকা। বৰ্তমান তেওঁলোকে ড্ৰেগন ফলৰ পুলি বিক্ৰী কৰা আৰম্ভ কৰিছে।যদি কোনো লোকে এই খেতিৰ সৈতে জড়িত হ’ব বিচাৰে, তেন্তে ৯১০১২১১৮৫৫ নম্বৰত যোগাযোগ কৰিব পাৰিব।
ড্ৰেগন ফলৰ খেতিৰে সফলতাৰ বাট বুলিছে গহপুৰৰ ৰত্ন বছনেট আৰু দিগ বছনেটে
