ড০প্ৰদীপ জ্যোতি মহন্ত,শাৰদী শইকীয়লৈ চতুর্থদশ ৰসেশ্বৰ শইকীয়া বৰবায়ন বটাঁ প্ৰদান সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ

সত্ৰীয়া সংস্কৃতিৰ নিৰলস সাধনাৰে সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰত নিৰলস ভাবে সেৱাৰত অসমৰ আগশাৰীৰ অনুষ্ঠান সংগীতসত্ৰৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শ্ৰী শ্ৰী মাধৱদেৱ ৰসেশ্বৰ শইকীয়া বৰবায়ন সত্ৰীয়া বটা২০২২ বটা প্ৰদান কৰা হয়। বটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি ৰাজ্যৰ সাংস্কৃতিক মন্ত্রী বিমল বড়াই বিশিষ্ট গৱেষক ড০ প্ৰদীপ জ্যোতি মহন্ত আৰু বিশিষ্ট নৃত্য শিল্পী শাৰদী শইকীয়াক বটা প্ৰদান কৰে। বটা প্ৰদান কৰি মন্ত্রী বড়াই কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক দি যোৱা সাংস্কৃতিক তথা আধ্যাত্মিক বৈভৱ সমূহক সংগীত সত্ৰৰ দৰে অনুষ্ঠান সমূহে বিশ্বত পৰিচয় কৰাই দিছে। ৰসেশ্বৰ শইকীয়া বৰবায়নে সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰৰ দিশত আগবঢ়াই থৈ যোৱা অৱদানৰ কথাও মন্ত্রী গৰাকীয়ে ভাষণত স্মৰণ কৰে। এই বঁটা প্ৰদান অনুষ্ঠানত ড০ অমৰ জ্যোতি চৌধুৰী, নৃত্যাচাৰ্য যতীন গোস্বামী, ঘন কান্ত বৰা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল।

Comments (0)
Add Comment