ড০ বেজবৰুৱা ২ৰ প্ৰচাৰৰ বাবে ডিব্ৰুগড়ত উপস্থিত প্ৰখ্যাত অভিনেতা আদিল হুছেইন

ডিব্ৰুগড়ৰ মনোহাৰী দেৱী কানৈ মহাবিদ্যালয় লগতে কানৈ মহাবিদ্যালয়ত উপস্থিত বলিউডৰ প্ৰখ্যাত অভিনেতা তথা আন্তৰ্জাতিক খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইন।

অহা ৩ফেব্ৰুৱাৰীত মুক্তি পাবলগীয়া বহুচৰ্চিত অসমীয়া বোলছবি ড০ বেজবৰুৱাৰ প্ৰচাৰৰ বাবে দুইখন মহাবিদ্যালয়ত উপস্থিত হয় অভিনেতা গৰাকী। লগতে দিল্লী পাব্লিক স্কুল আৰু সম্পূৰ্ণ কেন্দ্ৰীয় বিদ্যালয়তো উপস্থিত হয় অভিনেতা গৰাকী।প্ৰিয় অভিনেতা গৰাকীক কাষত পাই উৎফুল্লিত বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল। আদিল হুছেইনৰ সৈতে উপস্থিত থাকে ছবিখনৰ আন আন চৰিত্ৰসমূহত অভিনয় কৰা কিনকিনি ভট্টাচাৰ্য সিদ্ধাৰ্থ গোস্বামী,কাজু মজিদ,অসীম বৈশ্য লগতে নয়ন জ্যোতি ভূঞা।

Comments (0)
Add Comment