মাৰাত্মক অতিমাৰী কভিড ১৯ৰ সন্ত্ৰাস ঢকুৱাখনা মহকুমাত অদ্যপি অব্যাহত আছে। কেৱল ক`ভিডৰ দ্বিতীয় ঢৌৰ কবলত পৰি মহকুমাটোৰ ৯ গৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ পাছতো জন সচেতনতা ৰাইজৰ মাজত বৃদ্ধি পোৱা নাই । প্ৰধানকৈ ক`ভিড ভেকচিন গ্ৰহণৰ ক্ষেত্ৰত নাগৰিকৰ মাজত উদ্ভৱ হোৱা উদাসীনতাক সচেতন নাগৰিকৰ লগতে স্বাস্থ্য বিভাগ সচেতন হৈ পৰিছে। গাঁৱৰ ৰাইজৰ মাজত বিশেষ ভাবে দেখা দিয়া ক`ভিড ভেকচিন গ্ৰহণৰ প্ৰতি এনে আওকণীয়া মনোভাবৰ পৰিপ্ৰেক্ষিতত সোমবাৰে ঢকুৱাখনা খণ্ড স্বাস্থ্য বিভাগে সজাগতা সভা অনুষ্ঠিত কৰে । ঢকুৱাখনা উন্নয়ন খণ্ডৰ অন্তৰ্গত শিঙিয়া পঞ্চায়তৰ কাৰ্যালয়ত সমূহ পঞ্চায়ত প্ৰতিনিধিৰ উপস্থিতিত এই সজাগতা সভা অনুষ্ঠিত কৰা হয় । লখিমপুৰ জিলাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আঁচনি প্ৰবন্ধক দেবাংগ বিকাশ গগৈ , জিলা মেডিয়া সম্প্ৰসাৰণ বিষয়া মাধৱ ফুকন , মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ মনেশ্বৰ সোণোৱাল , ঢকুৱাখনা খণ্ড আঁচনি প্ৰবন্ধক সত্যম কুমাৰ চাহুৱে অংশ গ্ৰহণ কৰা সভাৰ সভাপতিত্ব কৰে শিঙিয়া পঞ্চায়তৰ সভাপতি কৰিশ্মা গগৈয়ে । ঢকুৱাখনা উন্নয়ন খণ্ডৰ অধীনৰ বিভিন্ন পঞ্চায়তৰ গ্ৰামাঞ্চল সমূহত প্ৰয়োজনৰ স্বাৰ্থত ঘৰে ঘৰে স্বাস্থ্য কৰ্মী সকল গৈ মাৰাত্মক ক`ভিডৰ পৰা পৰিত্ৰাণ দিয়াৰ বাবে স্বাস্থ্য বিভাগে বিনামূলীয়াকৈ যোগান ধৰা ভেকচিন লোৱাৰ বাবে এক জনসজাগতা সৃষ্টিত পঞ্চায়ত প্ৰতিনিধি সকলৰ সহযোগিতা কামনা কৰে । জন সজাগতাইহে এই মাৰাত্মক ৰোগ নিয়ন্ত্ৰণ কৰিব বুলি স্বাস্থ্য বিভাগে মন্তব্য কৰি গৰ্ভৱতী মহিলা , যিকোনো সাধাৰণ ৰোগীয়েও এই ভেকচিন ল`ব প পাৰিব । গাঁৱৰ ৰাইজে এই ক্ষেত্ৰত অনীহাৰ বাবেই প্ৰায় ২৫ শতাংশ ব্যক্তিৰ টিকাকৰণ সম্ভৱ হোৱা নাই বুলি কৈ প্ৰতিনিধি সকলক ক`ভিড নিৰ্মূল অভিযানৰ অগ্ৰণী যোদ্ধা হিচাপে অংশ লৈ নিজ নিজ এলেকাৰ ৰাইজক এই টিকাকৰণৰ সুবিধা লোৱাৰ বাবে সন্মত কৰাবলৈ ব্ৰতী হোৱাৰ আহ্বান জনায়। সভাত সৰলা পেগু , মীনা দলে , দেৱেশ্বৰ পেগু , হেপি মণি গগৈ আদি বহু কেইগৰাকী পঞ্চায়ত প্ৰতিনিধিয়েও বক্তব্য ৰাখি স্বাস্থ্য বিভাগৰ সতে ঐক্যবদ্ধ হৈ সজাগতা সৃষ্টিত ব্ৰতী হ`ব বুলি নিশ্চয়তা প্ৰদান কৰে।
বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই।