*ঢকুৱাখনাত ২ স্বাস্থ্য আঁচনিৰ আধাৰশিলাৰে স্বাস্থ্য কেন্দ্র উদ্বোধন

*ঢকুৱাখনাত ২ স্বাস্থ্য আঁচনিৰ আধাৰশিলাৰে স্বাস্থ্য কেন্দ্র উদ্বোধন

লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ ঢকুৱাখনা স্বাস্থ্য খণ্ডত শনিবাৰে সংযোজিত হল ৪খন নতুন স্বাস্থ্য ও চিকিৎসা আঁচনি। লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা ,ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ দলে ,লখিমপুৰ জিলাৰ জিলা আয়ুক্ত শোণিত সত্বাৱন ,ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি কাৰ্ত্তিক কলিতা ,  জিলা অতিৰিক্ত আয়ুক্ত মীনাক্ষী পেৰ্মে , লখিমপুৰ জিলা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আঁচনি প্ৰৱন্ধক দেবাঙ্গ বিকাশ গগৈ , ঢকুৱাখনা খণ্ডৰ আঁচনি প্ৰৱন্ধক সত্যম কুমাৰ চাহু , মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ প্ৰদীপ মিলি , ডাঃ মনেশ্বৰ সোণোৱাল আদিৰ উপস্থিতিত শনিবাৰে ৰাইজৰ সহযোগত এই আঁচনি কেইখনৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰা হয় । প্ৰথমে বিধায়ক নৱ দলেযে মাতমৰা ৰাজ্যিক চিকিৎসালয়ত জনজাতি উন্নয়ন বিভাগৰ তৰফৰ পৰা আবন্তিত এখন এম্বুলেন্স সেৱা উদ্বোধন কৰে । ইয়াৰ পাছত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ আবন্তিত প্ৰায় ৮৪ লাখ ব্যয় সাপেক্ষ আমলখি ডাংধৰা স্বাস্থ্য আৰু কল্যান কেন্দ্র  আৰু খজুৱা পাতিৰ স্বাস্থ্য আৰু কল্যান কেন্দ্ৰৰ  দুমহলীয়া গৃহৰ আধাৰশিলা স্থাপন কৰে সাংসদ , জিলা আয়ুক্ত ,মহকুমাধিপতি আৰু অন্যান্য বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতিত বিধায়ক নৱ দলেযে । ঢকুৱাখনাত প্ৰথম দুমহলীয়া স্বাস্থ্য উপ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰাৰ পৰৱৰ্তী সময়ত সাংসদ ,বিধায়ক দ্বয়ে   আমোলা সকলৰ উপস্থিতিত ঢকুৱাখনা নগৰৰ মিলন নগৰত এটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰ্য্যায়ৰ স্বাস্থ্য আৰু কল্যান কেন্দ্ৰৰ শুভ উদ্বোধন কৰে ।  প্ৰাথমিক ভাবে এটা ভাড়াতিয়া ঘৰত স্থাপন কৰা এইটো স্বাস্থ্য আৰু কল্যান কেন্দ্ৰত প্ৰাথমিক চিকিৎসালয়ৰ পৰ্য্যায়ৰ সকলো চিকিৎসা সেৱা লাভ কৰিব নগৰীয়া ৰাইজে । লখিমপুৰ জিলা প্ৰশাসন আৰু লখিমপুৰ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত অনুষ্ঠিত এই সমূহ কাৰ্যসূচীৰ আঁত ধৰে ঢকুৱাখনা স্বাস্থ্য খণ্ডৰ খণ্ড আঁচনি প্ৰৱন্ধক সত্যম কুমাৰ চাহুৱে।একেদিনাই ঢকুৱাখনাত অনুষ্ঠিত মুঠ ৪ টাকৈ উদ্বোধনী আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত  বিভাগীয় ঠিকাদাৰ ক্ষীৰোদ শইকীয়া, ঢকুৱাখনা জিলা বিজেপিৰ সভাপতি প্ৰদীপ চমুৱা , ৰাজ্যিক সদস্য বসন্ত শইকীয়া আদি স্থানীয় গৰিষ্ঠ সংখ্যক ব্যক্তি উপস্থিত থাকে।

বাতৰি যুগুতালে অমৃত পৱন বৰাই

Comments (0)
Add Comment