ঢকুৱাখনাত ৰাজ্যখনৰ প্ৰথমটো বিশ্ব বেংকৰ সাহাৰ্য প্ৰাপ্ত মিঠাতেল উৎপাদন প্ৰকল্প আধাৰশিলা

সৰিয়হ খেতিৰ প্ৰাচুৰ্য ক্ষেত্ৰ হিচাপে ৰাজ্যখনৰ কৃষি ক্ষেত্ৰখনত ঢকুৱাখনাৰ এক বিশেষ পৰিচিতি আছে । উন্নত মানদণ্ডৰ , গুণগত আৰু অপর্যাপ্ত হাৰত সৰিয়হ উৎপাদনৰ প্ৰাণ প্ৰাচুৰ্য ভূমি হিচাপে বিবেচিত ঢকুৱাখনাৰ চাৰিকঢ়িয়া, কঢ়া , দাংধৰা , সোৱণশিৰি নদীৰ অৱবাহিকা অঞ্চলৰ উৰ্বৰ কৃষিভূমিৰ সৰিয়হ খেতিৰে ইয়াৰ চহা ৰাইজে স্বাৱলম্বনৰ সেন্দুৰীয়া পথেৰে বাট বুলি আহিছে । কৃষি নিৰ্ভৰ  মহকুমাটোৰ গ্ৰাম্য অৰ্থনীতিৰো ভেঁটি অধিক টনকিয়াল কৰি অহা গ্ৰাম্য চহা ৰাইজৰ পৰম্পৰাগত এই একক কৃষি বিপ্লৱে এক নতুন মাত্ৰা আৰু স্বীকৃতি লাভ কৰাৰ পথ অৱশেষত প্ৰশস্ত হল ।  পূৰ্বাপৰ দিনৰে পৰা হাজাৰ বিজাৰ কৃষিজীৱী পৰিয়ালবোৰে কৰি অহা এই সৰিয়হ খেতিৰ জৰিয়তে উদ্যোগবিহীন ঢকুৱাখনা মহকুমাই গ্ৰাম্য ঔদ্যোগীকৰণৰ  মানচিত্ৰত প্ৰথম বাৰৰ বাবে নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হল । কৃষি প্ৰধান মহকুমাটোৰ কেঁকুৰী অঞ্চলৰ ২০ গৰাকী উদ্যমী যুৱ কৃষকৰ একক প্রচেষ্টাৰ ফলত ৰাজ্যখনৰ ভিতৰতে প্ৰথমটো  অত্যাধুনিক ,বিজ্ঞানসন্মত কেঁচা ঘানিৰ মিঠাতেল উৎপাদনকাৰী বৃহৎ প্ৰকল্প স্থাপন প্ৰক্ৰিয়া সম্ভৱ হৈ উঠিল।  কথাৰে নহয়, হাতে কামে কৃষি ক্ষেত্ৰখনৰ সৈতে নিৰন্তৰ ভাবে জড়িতহৈ আত্মনিৰ্ভৰশীলতাৰ সমুজ্জ্বল দৃষ্টান্ত দেখুৱাই অহা কেঁকুৰী অঞ্চলৰ ২০গৰাকী থলুৱা যুৱকৰ এই গ্ৰাম্য অৰ্থনীতি সৱলীকৰণৰ একক প্ৰয়াসলৈ আৰ্থিক সঁহাৰি আগবঢ়াইছে বিশ্ব বেংকে । মেহনতি কৃষকৰ স্ব -উৎপাদিত সৰিয়হৰ উচিত বজাৰ মূল্য প্ৰদানৰ সমান্তৰাল ভাৱে মহকুমাটোৰ কাৰিকৰী আৰু অকাৰিকৰী খণ্ডৰ নিবনুৱা সকলৰ আত্মসংস্থাপনৰো পথ সুগম কৰি তোলাৰ লক্ষ্যৰে এইসকল উদ্যমী উদ্যোগীয়ে গঠন কৰি লোৱা " সোৱণশিৰী এণ্টাৰপ্ৰাইজ প্ৰাইভেট লিমিটেড" ৰ উদ্যোগত প্ৰস্তাৱিত এই বৃহৎ উদ্যোগলৈ বিশ্ব বেংকে আগবঢ়াইছে মুঠ ৪কোটি টকা । ৰাজ্য চৰকাৰৰ অসম গ্ৰাম্য আন্তঃগাঁঠনি আৰু কৃষি সেৱা সমিতি ( এ আৰ আই এছ) ৰ অন্তৰ্গত অসম কৃষি বাণিজ্য আৰু কৃষি স্বচ্ছতা প্ৰকল্প ( এ পি এ আৰ টি ) সহযোগিতাত বিশ্ব বেংকৰ অৰ্থ সাহায্য প্ৰাপ্ত মুঠ ৪ কোটি টকা ব্যয় সাপেক্ষ "সোৱণশিৰী মাষ্টাৰ্ড অইল" প্ৰকল্পৰ নিৰ্মান কাৰ্য বৃহস্পতি বাৰে শুভাৰম্ভ কৰা হয় ।  লখিমপুৰ জিলাৰ উপায়ুক্ত সুনিত স্বতৱানে আজি বিয়লি নিজ হাতে এই বহুমুখী প্ৰকল্পৰ গৃহনিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে ।  সোনাৰী চাপৰি কেঁকুৰীৰ বাঢ়ৈচলা অঞ্চলৰ ৪ বিঘা  ভূমিত এই বৃহৎ প্রকল্পৰ আন্তঃগাঁথনি নিৰ্মান কাৰ্যৰ শুভাৰম্ভ কৰি উপযুক্ত গৰাকীয়ে গ্ৰামাঞ্চলৰ  কৃষকৰ বাবে এয়া এক  ঐতিহাসিক  কৃষি সম্পদ বুলি কয়  ।  আগত ৬-৭ মাহৰ ভিতৰত গৃহনিৰ্মাণ কাম সম্পূৰ্ণ হব বুলি উল্লেখ কৰি ১বছৰৰ ভিতৰত এই চি এফ চিটোৰ উৎপাদন কাম আৰম্ভ হব বুলি কয় ।  উপায়ুক্ত গৰাকীয়ে কেঁচা সামগ্ৰী প্ৰচুৰ ভাবে উপলব্ধ হোৱাৰ সমান্তৰাল ভাৱে এখন  বজাৰৰো  সম্ভাৱনা  আছে বুলি কয়। । এই অঞ্চলৰ পৰা পথ যোগাযোগ সুচল হলে লাভজনক  বাণিজ্যিকীকৰণ  সম্ভৱ হ`ব বুলিও আশা প্ৰকাশ কৰে উপায়ুক্ত গৰাকীয়ে।  তেঁও চৰকাৰী পুঁজি সদব্যৱহাৰ কৰি  এই মেগা প্ৰকল্পৰ সফল ৰূপায়ন কৰি দৃষ্টান্ত  দেখুৱাব লাগিব বুলি কৈ যিটো অসমতে বিৰল বুলি কয় । এই  প্ৰদূষণ মুক্ত উদ্যোগে এক নব্য কৃষি বিপ্লৱৰ সূচনা কৰিব বুলিও আশা ব্যক্ত কৰে  ।
ডি আই চিৰ মুখ্য প্ৰবন্ধক প্ৰণৱ কাকতিয়ে লখিমপুৰ জিলা কৃষক সকলৰ বাবেই শুভ দিন বুলি উল্লেখ কৰি বৃহত্তৰ লখিমপুৰ ধেমাজিৰ সৰিয়হ কৃষকৰ কষ্টৰ লাঘৱ হোৱাৰ লগতে উৎপাদিত সৰিয়হ আনি ইয়াত পেৰি মিঠাতেল উৎপাদন কৰি উপকৃত হব  পাৰিব বুলি কয় ।  উল্লেখ্য যে প্ৰকল্পটোৰ জৰিয়তে কাৰিকৰী আৰু অকাৰিকৰী খণ্ডৰ  নিবনুৱা সকলৰ আত্ম সংস্থাপনৰ লগতে ঢকুৱাখনা ,ঘিলামৰা , মাজুলী আদিৰ চহা ৰাইজৰ উৎপাদিত সৰিয়হ উচিত বজাৰ মূল্যৰ বিনিময়ত ক্ৰয় কৰি বিশুদ্ধ আৰু নিভাঁজ মিঠাতেল উৎপাদন কৰি বাণিজ্যিকীকৰণ কৰা হ`ব বুলি এণ্টাৰপ্ৰাইজটোৰ পৰিচালন সঞ্চালক পুতুল খনিকৰ আৰু সঞ্চালক ৰাতুল খনিকৰে জানিবলৈ দিছে । ইতিমধ্যে  এফ এছ এছ এ আইৰ দ্বাৰা বিশুদ্ধতাৰ প্ৰমাণ পত্ৰৰ বাবে আবেদন কৰা বুলি জানিবলৈ দি বিষয়ববীয়া সকলে এইটো “কমন ফেচিলিটি চেণ্টাৰ” ৰ জৰিয়তে কৃষকে নিজৰ উৎপাদিত কেঁচা সামগ্ৰী নিজৰ প্ৰয়োজন সাপেক্ষে আনি নিজৰ বাবে মিঠাতেল প্ৰস্তুত কৰি নিয়াৰো মুকলি ব্যৱস্থা থাকিব বুলি জানিবলৈ দিলে।  মিঠাতেলৰ  লগতে বৰ্জিত সৰিয়হৰ পৰাও  আনুসংগিক  বিজ্ঞানসন্মত উৎপাদন কৰিব বুলি জানিবলৈ দি উদ্যমী কৃষক সকলে কয় “আমাৰ মাটি ,আমাৰ শ্রম ,আমাৰ উৎপাদন আৰু আমাৰ বজাৰ” বাণীৰে থলুৱা কৃষি বিপ্লৱৰ সূচনা কৰি সফলতাৰ সপোন দেখিছো।  আশাকৰো সফল হম । স্বাৱলম্বনৰ নতুন দিগন্তৰে  আগুৱাই যাম। এই সন্দৰ্ভত আয়োজিত এক আধাৰশিলা অনুষ্ঠানৰ সঞ্চালনা কৰে লখিমপুৰ এগ্ৰি এণ্ড এলাইড প্ৰডাক্ত ইণ্ডাষ্ট্ৰী এছোচিয়েচন চমুকৈ লাপিয়াৰ সভাপতি অজিত খনিকৰে।সোৱণশিৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া  লম্বিত হাজৰিকা, ঔদ্যোগিক বিভাগৰ  মুখ্য প্ৰবন্ধক প্ৰণৱ কটকী , কৃতাৰ্থ শংকৰ শৰ্মা,দেৱব্ৰত দাস,মহিম বৰুৱা ,অংকুৰ খাউণ্ড,পংকজ বেজবৰুৱা লাপিয়াৰ দুৰ্গা বাহাদুৰ ছেত্ৰী
সত্য হাজৰিকা,শক্তি বিভাগৰ মহকুমা  কাৰ্যবাহী অভিযন্তা ৰাজা গোপাল কৃষ্ণ পেৰমে,মহকুমা কৃষি বিষয়া গৌতম ডেকা আদি উপস্থিত থাকে।

বাতৰি যুগুতালে অমৃত পৱন বৰাই..

 

Comments (0)
Add Comment