ছন্দোময় পৰিবেশৰ সৃষ্টিৰে আগমন ঘটা বিহুৱা বিহুৱতী ৰূপী শিক্ষাৰ্থী সকলক গুৱা পাণৰ শৰাইৰে আদৰি আনে বিদ্যালয় চৌহদলৈ । শিক্ষাৰ্থী সকলৰ অভিভাৱক আৰু শুভাকাংক্ষী ৰাইজৰ উপস্থিতিত উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হোৱা বিদ্যালয় চৌহদত পৰম্পৰাগত ৰীতি নীতিৰে হুঁচৰি জোৰে শিক্ষাৰ্থী সকলে । বিদ্যালয়ৰ অধ্যক্ষ আৰু সমূহ শিক্ষক শিক্ষয়িত্ৰীয়েও জাতিয় সাজ পোছাক পৰিধান কৰি বিহুনাম গাই ,বিহু নাচ নাচি একাত্ম হয় ৰঙালীৰ আদৰণি অনুষ্ঠানত । বিদ্যালয়ৰ শিক্ষক শিক্ষাৰ্থী সকলে বিয়লি পৰ্যন্ত জাতিয় সাজ পোচাকেৰে সজ্জিত হৈ বিহু হুঁচৰি মাৰি ,টকা বিহু মাৰি ,থলুৱা পিঠা পনাৰে অতিথিক আপ্যায়ন কৰি জাতিয় উৎসৱ ৰঙালী বিহুক উষ্ম আদৰনি জনাই আৰু বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা অসমবাসীলৈ বহাগ বিহুৰ শুভেচ্ছা জনায় ।
বাতৰি যুগুতালে অমৃত পৱন বৰাই ।