ঢকুৱাখনাৰ মিনু দাসলৈ ডঃ আম্বেদকাৰ এক্সিলেনচি চাৰ্ভিছ নেচনেল এৱাৰ্ড

ঢকুৱাখনাৰ মিনু দাসলৈ ডঃ আম্বেদকাৰ এক্সিলেনচি চাৰ্ভিছ নেচনেল এৱাৰ্ড

সামাজিক ভাৱে অনগ্ৰসৰ শ্ৰেণীৰ বৌদ্ধিক , সাংস্কৃতিক ,শৈক্ষিক উৎকৰ্ষ সাধনৰ হকে নিৰন্তৰ প্ৰয়াস চলাই যোৱা ঢকুৱাখনা মহকুমাৰ  বালি গাঁও নিবাসী, সংহত শিশু উন্নয়ন প্ৰকল্প ঢকুৱাখনাৰ জ্যেষ্ঠ মুখ্য সেৱিকা ,বিদুষী মহিলা মিনু দাসলৈ ২০২১ বর্ষৰ  “ডঃ আম্বেদকাৰ এক্সিলেনচি চাৰ্ভিছ নেচনেল এৱাৰ্ড” আগবঢ়োৱা হৈছে।  ভাৰতীয় দলিত সাহিত্য একাডেমীৰ ৰাষ্ট্ৰীয় সভাপতি ডঃ এছ পি সুমনক্সাৰে সমাজহিতৈষী মহিলা দাসলৈ এখন পত্ৰ প্ৰেৰণ কৰি এই ৰাষ্ট্ৰীয় বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ সুখবৰ প্ৰেৰণ কৰিছে।  সমাজৰ দলিত জনতাৰ সৰ্বাংগীন উৎকৰ্ষ সাধনৰ লগতে বৌদ্ধিক বিকাশৰ প্ৰতিও সুদীর্ঘ কাল জুৰি  সেৱা আগবঢ়াই অহা  একক আৰু বৰেণ্য  অৱদানৰ প্ৰতিভূ স্বৰূপে ২০২১ বর্ষৰ এই সন্মানীয় আৰু বৰেণ্য  বঁটা প্ৰদানৰ বাবে নিৰ্বাচিত কৰিছে।  দাসক অহা ১১ডিচেম্বৰত দিল্লীৰ  ঝাড়ুদা গাঁওৰ পঞ্চছিল আশ্ৰমত অনুষ্ঠিতব্য একাডেমিৰ ৰজত জয়ন্তী বৰ্ষৰ ৩৭ সংখ্যক ৰাষ্ট্ৰীয় অভিবৰ্তনত মুখ্য অতিথিৰ জৰিয়তে এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতিৰে মান্যতা জনাব । সমস্যা জৰ্জৰিত ঢকুৱাখনাৰ পৰা নিজৰ জনহিতৈষী সেৱাৰ বাবে এই ৰাষ্ট্ৰীয় সন্মানেৰে বিভূষিত হৈ উৎসাহী আৰু অনুপ্ৰাণিত হোৱা  বুলি কৈ মিনু দাসে এই স্বীকৃতিয়ে অধিক সমাজমুখী চিন্তা চেতনাৰে আগুৱাই যোৱাত প্ৰেৰণা যোগাব বুলি মত ব্যক্ত কৰিছে ।
বাতৰি যুগুতালে অমৃত পৱন বৰা।

Comments (0)
Add Comment