ঢকুৱাখনাৰ সমন্বয় ভৱনৰ পকী বেৰাৰ আধাৰশিলা স্থাপন

অসম গণ পৰিষদৰ ঢকুৱাখনা বিধান পৰিষদৰ স্থায়ী কাৰ্যালয়ৰ এটা দীৰ্ঘদিনীয়া  অভাৱৰ বৃহস্পতি বাৰে  সমাধানৰ পথ প্ৰশস্ত হল।  আঞ্চলিক দলটোৰ ঢকুৱাখনা নগৰস্থিত  স্থায়ী কাৰ্য্যালয় “সমন্বয় ভৱন”ৰ চৌহদ সুদীর্ঘ দিন ধৰি  পকী বেৰাৰ অভাৱত ভোগী  আহিছিল । সবল সাংগঠনিক ভেঁটি থকা আঞ্চলিক দলটোৰ বিধানসভা সমষ্টিটোৰ মুখ্য কাৰ্যালয়ৰ এই প্ৰধান অভাৱটো বৃহস্পতি বাৰে দূৰ কৰিলে ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেয়ে । বিধায়ক দলেয়ে ২০২১-২০২২ বর্ষৰ সমষ্টি উন্নয়ন পুঁজিৰ পৰা ৫ লাখ টকা  “সমন্বয় ভৱন”ৰ পকী বেৰা নিৰ্মাণৰ বাবে আৱন্তন দি  আধাৰশিলা স্থাপন কৰে  ।  ঢকুৱাখনা বিধান পৰিষদৰ সভাপতি হৰিচন্দ্ৰ বৰুৱা , সম্পাদক পদ্ম কান্ত দলে , কেন্দ্ৰীয়  উপ সভাপতি মহেশ দলে ,অসম যুৱ পৰিষদৰ কেন্দ্ৰীয়  সমিতিৰ সম্পাদক  সমুজ্জ্বল চেতিয়া ,  জ্যেষ্ঠ নেতা দুলাল দত্ত, ঢকুৱাখনা পৌৰ সভাৰ নব নিৰ্বাচিত পৌৰপতি ৰাজীৱ দাস আৰু অন্যান্য পৌৰ আয়ুক্ত সকল, অগপ দলৰ গৰিষ্ঠ সংখ্যক বিষয় ববীয়া , কৰ্মকর্তা , গেৰুৱা দলৰ কৰ্মকর্তা সকলৰ উপস্থিতিত  পকী বেৰা নিৰ্মান কামৰ শিলান্যাস কৰে  বিধায়ক দলেয়ে ।  পাছত মিত্ৰদল অগপৰ  কাৰ্যালয়ত দলীয় বিষয় ববীয়া সকলৰ উপস্থিতিত বিধায়ক গৰাকীয়ে এক অনানুষ্ঠানিক দলীয় আলোচনাত মিলিত হয় । আলোচনা কালত  আঞ্চলিক দলটোৰ এগৰাকী সদস্যক পদেন সদস্য হিচাবে নিযুক্তি দিয়াৰ নিশ্চয়তা প্ৰদান কৰে বিধায়ক দলেয়ে ।

বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Comments (0)
Add Comment